ৰাজ্যৰ চাৰিওফালে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে দিল্লীত আজি এখন বিশাল জনসভা সম্বোধন কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
দিল্লীৰ ৰামলীলা মৈদানত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই বিশেষ জনসভাখনৰ নাম দিয়া হৈছে “ধন্যবাদ ৰেলী।”
এই জনসভাত বিজেপি শাসিত ৰাজ্যৰ মুখ্য মন্ত্ৰীসকল, এ ডি এৰ সহযোগী দলৰ মুখ্য মন্ত্ৰীসকল আৰু কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰীসকলে অংশ গ্ৰহণ কৰিব।
আনহাতে সমগ্ৰ দেশতে ‘কা’ বিৰোধী প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে প্ৰধান মন্ত্ৰীৰ এই বিশেষ জনসভাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰি তোলা হৈছে। নিৰাপত্তা দিশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ঠাইত সংস্থাপন কৰা হৈছে চিচি টিভি কেমেৰা।
প্ৰায় ২ লাখ লোকৰ সমাগম হ’ব বুলি আশা কৰা এই জনসভাৰ পৰাই বিজেপিয়ে আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰো ৰণশিঙা বজাব বুলি জানিব পৰা গৈছে।