NORTHEAST NOW (Assamese)

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

January 21, 2021 5:00 pm · এন ই নাও নিউজ

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰিত অনুষ্ঠিত হ’বলগীয়া তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব।

দেশৰ শিক্ষা বিভাগে টুইটাৰযোগে আনুষ্ঠানিকভাৱে প্ৰধান মন্ত্ৰী মোদীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

কোভিড মহামাৰীৰ বাবে চলিত বৰ্ষত ভাৰ্চুৱেলি অনুষ্ঠিত হ’বলগীয়া সমাৱৰ্তনখনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও দেশৰ শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে অংশগ্ৰহণ কৰিব।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যপাল জগদীশ মুখীয়ো সমাৱৰ্তনত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

১৮ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত আগশাৰীৰ বিশ্ববিদ্যালয়খনে মুঠ ১২১৮ গৰাকী শিক্ষাৰ্থীক স্নাতক, স্নাতকোত্তৰ আৰু বিভিন্ন সন্মানীয় ডিগ্ৰী সমূহ অৰ্পন কৰিব।

উল্লেখযোগ্য যে, দেশত কোভিড মহামাৰীৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত দেশৰ বিভিন্ন আগশাৰীৰ বিশ্ববিদ্যালয়ে ইয়াৰ সমাৱৰ্তন সমূহ ভাৰ্চুৱেলি অনুষ্ঠিত কৰিছে।

Related News