NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘন: অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইন্দু মালহোত্ৰাৰ নেতৃত্বত গঠন হ’ব তদন্ত সমিতি

January 12, 2022 11:26 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 12, 2022 11:36 am

যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত কৃষক প্ৰতিবাদৰ বাবে পথৰ মাজতে আৱদ্ধ হৈ পৰাৰ পিছত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘন হোৱা বুলি অভিযোগ উত্থাপন হৈছিল।

আজি উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত তদন্তৰ বাবে এখন সমিতি গঠন কৰি দিছে। এই তদন্ত সমিতিৰ নেতৃত্ব দিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইন্দু মালহোত্ৰাই।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা আৰু পঞ্জাৱ আৰক্ষীৰ বিষয়াসকল তদন্তৰ অংশ হ’ব উচ্চতম ন্যায়ালয়ে লগতে উল্লেখ কৰে।

“এই প্ৰশ্নবোৰ কোনো একপক্ষীয় অনুসন্ধানৰ ওপৰত এৰি দিব নোৱাৰি। আমাক এটা স্বতন্ত্ৰ তদন্তৰ প্ৰয়োজন।” উচ্চতম ন্যায়ালয়ে কয়।

সমিতিখনে কি কাৰণত উলংঘন হৈছিল, কোন দায়ী আছিল আৰু ভৱিষ্যতে এনে ত্ৰুটি প্ৰতিহত কৰিবলৈ কি সুৰক্ষাৰ প্ৰয়োজন সেই বিষয়ে অনুসন্ধান কৰিব আৰু অতি সোনকালে ইয়াৰ প্ৰতিবেদন দাখিল কৰিব।

অৱশ্যে শুনানিৰ বিশদ বিৱৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

Related News