NORTHEAST NOW (Assamese)

লক্ষ্য কাজিৰঙা: মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা আটক দুৰ্ধৰ্ষ গঁড় চিকাৰী

July 14, 2021 12:44 pm · উত্তম শইকীয়া
প্ৰতিনিধিত্বমূলক ছবি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ এক পুৰণি গোচৰৰ আধাৰত বোকাখাত আৰক্ষীৰ এটা দলে মনিপুৰৰ চূড়াচান্দপুৰৰ পৰা এটা দুধৰ্ষ গঁড়ৰ চিকাৰীক কৰায়ত্ব কৰে ৷

দেওবাৰৰ দিনা বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰাৰ নেতৃত্বত যোৱা এক দলে চূড়াচান্দপুৰ জিলাৰ আৰক্ষীৰ সহযোগত চূড়াচান্দপুৰৰ সমীপৰ গেংপিম’ল নামৰ গাওঁখনৰ পৰা চিকাৰীজনক আটক কৰে ৷ ধৃত চিকাৰীজনৰ নাম থাংগৌসিং ভি খামখৌপ’বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷

থাংগৌসিং ভি খামখৌপ’ এন এছ চি এন আৰু জুমি ৰিভ’লেচনৰী আৰ্মীৰ এজন প্ৰশিক্ষন প্ৰাপ্ত প্ৰাক্তন কেডাৰ ৷ উগ্ৰপন্হী সংগঠনৰ পৰা ওলায়ে তেওঁ কাজিৰঙাৰ গঁড় হত্যাত জড়িত হৈ পৰিছিল ৷

২০২০ চনত কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে পাঁচ জন চিকাৰীৰ সৈতে কৰায়ত্ব কৰা দুধৰ্ষ চোৰাংচিকাৰী চাইমন লাৰকা আৰু একে সময়তে বোকাখাত আৰক্ষীয়ে চূড়াচান্দপুৰৰ পৰা কৰায়ত্ব কৰা কাজিৰঙাৰ গঁড় হত্যাৰ অন্যতম মাষ্টাৰ মাইণ্ড নেংজাথান ভালটেৰ স্বীকাৰোক্তিৰ আধাৰতেই দুধৰ্ষ চিকাৰী থাংগৌসিং ভি খামখৌপ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বোকাখাত আৰক্ষীৰ অভিযানকাৰী দলে ৷

ধৃত চিকাৰীজনক আজি বোকাখাতৰ আদালতত থিয় কৰাৰ পিচত আদালতে চিকাৰী জনক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

Related News