• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈৰ স্মৃতি দিৱসত নগাঁৱৰ জামুগুৰিত কবিমেল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2018 1:41 pm
e97be95b-b14b-4a81-bc06-837b431826b4

ৰাম গগৈৰ স্মৃতি দিৱসত নগাঁৱৰ জামুগুৰিত অনুষ্ঠিত কবিমেল। ফটো : নৰ্থইষ্ট নাও

383
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তথা পৃথিৱীৰ কবি ৰাম গগৈৰ স্মৃতি দিৱসটি দেওবাৰে সমগ্ৰ ৰাজ্যতে সদৌ অসম কবি সন্মিলনে পালন কৰি আহিছে। এই উদ্দেশ্যৰেই নগাঁও জিলা কবি সন্মিলন আৰু জামুগুৰি শাখা কবি সন্মিলনৰ উদ্যোগত জামুগুৰিৰ শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ত আয়োজন কৰা হয় ৰাম গগৈ স্মৃতি দিৱস আৰু কবিমেল।

জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰবী লিগিৰা আৰু কাৰ্যকৰী সভাপতি অনিল চন্দ্ৰ নাথে ৰাম গগৈৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰাৰ অন্তত শিল্পী পেন্সনাৰ পৰাণ দাসৰ পৰিচালনাত, জগন্নাথ দাস আৰু বিষ্ণুপ্ৰিয়া দাসৰ সহযোগত গীতাঞ্জলি দাসৰ বৰগীতৰে আৰম্ভ  হয় মূল অনুষ্ঠান। নগাঁও জিলা কবি সন্মিলনৰ উপ সভাপতি দুৰ্গেশ্বৰ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সঞ্জীৱ সাগৰ চৌধুৰীয়ে। কবি কেশৱ বৰা আৰু দূৰ্গেশ্বৰ বৰকটকীৰ ৰাম গগৈ স্মৃতিচাৰণ বক্তব্যৰ অন্তত আৰম্ভ হয় কবিমেল।

নূপুৰ মোমাইদেউখ্যাত ত্ৰৈলোক্য মোহন ভট্টাচাৰ্য আৰু দিজেন্দ্ৰ মোহন হাজৰিকাই কবিতা পাঠৰে উদ্বোধন কৰা সভাখনত নগাঁও সদৰ কবি সন্মিলনৰ সভাপতি প্ৰদীপ কুমাৰ শইকীয়া, দীপ্তি বৰা, যমুনামুখ আঞ্চলিক কবি সন্মিলনৰ সভাপতি মিনতি দেৱী কাকতি, হাচিনা মমতাজ, ৰূপম নাথ, প্ৰাঞ্জল বৰদলৈ, মুনীন্দ্ৰ কুমাৰ নাথ, ৰাজু দত্ত, পাপুৰাজ যোগী, নৰেন্দ্ৰ নাথ হাজৰিকা, মায়ামণি দেৱী, বিনয় দাস, দীনবন্ধু দাস, ঋতুপৰ্ণ শৰ্মা, পূৰ্ণিমা দেৱী, মীনা দেৱী, গংগা ডেকা প্ৰমূখ্যে প্ৰায় দুকুৰি কবিয়ে।

শিল্পী গম্ভীৰ নাথে সুৰাৰোপ কৰা বিষ্ণুৰাভাৰ এটি গীত পৰিবেশন কৰাৰ লগতে শিশু কবি পূণ্যাহা পুনম চৌধুৰী আৰু প্ৰিয়ব্ৰত যোগীৰ আবৃতিয়েও মুগ্ধ কৰে সভাকক্ষ। বিশিষ্ট কবি তথা বাক্সাৰ তামুলপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা চন্দ্ৰ কুমাৰ বড়াই পৰ্যালোচকৰূপে থকা আৰু উৎপল বৰদলৈয়ে আঁত ধৰা কবিমেলৰ অন্তত জামুগুৰি শাখা কবি সন্মিলনৰ সম্পাদক নন্দেশ্বৰ নাথে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতেই কাব্যমন্ত্ৰৰে সামৰণি পৰা সভাখনিৰ সফল ৰূপায়নৰ বাবে জিলা সন্মিলনৰ সম্পাদক মদাৰজ্যোতিয়ে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

Recent News

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd