NORTHEAST NOW (Assamese)

শিল আৰু পাহাৰ খননৰ সন্দৰ্ভত নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত আৰক্ষী আৰু বনবিভাগৰ ক্ষেত্ৰ পৰিদৰ্শন

June 18, 2019 7:01 pm · ভাৰ্গব হাজৰিকা
নগাঁও আৰু কাৰ্বি আংলং সীমান্তত আৰক্ষী আৰু বনবিভাগৰ ক্ষেত্ৰপৰিদৰ্শন

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই একাংশ পুঁজিপতি তথা অসাধু ব্যৱসায়ীয়ে সুযোগ বুজি নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অবৈধ ভাৱে কৰি অহা শিল খননৰ লগতে পাহাৰ খননৰ বিষয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত বহুলভাৱে বাতৰি সম্প্ৰচাৰ হৈ অহাৰ পাছত সম্প্ৰতি গা-লৰিছে কাৰ্বি আংলং জিলা প্ৰশাসনৰ লগতে বন বিভাগৰ।

পাৰ্কুপ, কঁঠালগুৰি, বৰজুৰি, পানীমূৰাকে আদি কৰি নগাঁও-কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী একাধিক অঞ্চলত আৰক্ষী আৰু বন বিভাগে আজি ক্ষেত্ৰ পৰিদৰ্শন কৰে। অঞ্চলটোত চলি থকা কেইবাটাও ন’-পুৰণি শিলৰ কুঁৱাৰিৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত ক্ষেত্ৰ পৰিদৰ্শন কৰে কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায় আৰু বন সংমণ্ডল বিষয়া জগনাথ ৰংপীয়ে।

দুয়োগৰাকী বিষয়াই কৰা ক্ষেত্ৰ পৰিদৰ্শন কালত চামগুৰিৰ উদমাৰীৰ সীমান্তত সন্দেহজনক ভাবে ডাঙৰ শিলৰ কঢ়িয়াই নিয়া এখন AS-25BC-0925 নম্বৰৰ এল.পি. ট্ৰাক জব্দ কৰাৰ লগতে সোধ-পোচৰ বাবে ট্ৰাক চালকগৰাকীক আটক কৰা হয়।

অৱশ্যে পৰিদৰ্শনকাৰী দলটোৱে শিলভৰ্তি ট্ৰাকসহ চালকজনক নগাঁও জিলা শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ উদমাৰি উপ-খণ্ড বন বিষয়াৰ কাৰ্য্যালয়ৰ বন বিষয়াৰ হাতত গটাই দিয়ে।

আনহাতে, পৰিদৰ্শনৰ অন্তত অবৈধভাৱে যদি অঞ্চলটোত কোনো শিলৰ কোৱাৰি চলি আছে অথবা বৈধ শিলৰ কোৱাৰি সমূহেও যদি নীতি বহিৰ্ভূতভাৱে কৰা কামকাজৰ জৰিয়তে ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰাৰ তথ্য-প্ৰমাণ পোৱা যায় তেতিয়া হ’লে শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে।

তদুপৰি, নগাঁও-কাৰ্বি আংলং সীমান্তৰ অবৈধ কোৱাৰি তথা শিল-মাটি খননৰ বিৰুদ্ধে এতিয়াৰ পৰা কাৰ্বি আংলংৰ আৰক্ষী আৰু বনবিভাগে যুটীয়াভাবে অভিযান তদাৰক কৰিব বুলি স্পষ্ট কৰি দিয়ে পৰিদৰ্শনকাৰী কাৰ্বি আংলঙৰ বন সংমণ্ডল বিষয়াগৰাকীয়ে।

স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমী সকলে অভিযোগ কৰি অহা ধৰণে বৃহত্তৰ নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলৰ ন’-পুৰণি শিলৰ কোৱাৰী সমূহে পাহাৰৰ দাঁতিত থকা হস্তীদণ্ডীত কোনোধৰণৰ বিৰূপ প্ৰভাৱ পেলাইছে নেকি সেই বিষয়ে সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা দেখা গ’ল কাৰ্বি আংলঙৰ বন সংমণ্ডল বিষয়াগৰাকীক।

উল্লেখযোগ্য যে, মঙলবাৰে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী দুৰ্গম অঞ্চললৈ আহি কাৰ্বি আংলং জিলাৰ আৰক্ষী প্ৰশাসন আৰু বন বিভাগে শিলৰ কোৱাৰি আৰু খনন সন্দৰ্ভত দিনজুৰি কৰা ক্ষেত্ৰ পৰিদৰ্শনৰ অন্তত কেনে ধৰণৰ প্ৰতিবেদন প্ৰস্তুত কৰে সেয়া অতিশয় লক্ষণীয় হ’ব।

Related News