• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিল আৰু পাহাৰ খননৰ সন্দৰ্ভত নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত আৰক্ষী আৰু বনবিভাগৰ ক্ষেত্ৰ পৰিদৰ্শন

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
June 18, 2019 7:01 pm
VideoCapture_20190618-165040

নগাঁও আৰু কাৰ্বি আংলং সীমান্তত আৰক্ষী আৰু বনবিভাগৰ ক্ষেত্ৰপৰিদৰ্শন

1.1k
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই একাংশ পুঁজিপতি তথা অসাধু ব্যৱসায়ীয়ে সুযোগ বুজি নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অবৈধ ভাৱে কৰি অহা শিল খননৰ লগতে পাহাৰ খননৰ বিষয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত বহুলভাৱে বাতৰি সম্প্ৰচাৰ হৈ অহাৰ পাছত সম্প্ৰতি গা-লৰিছে কাৰ্বি আংলং জিলা প্ৰশাসনৰ লগতে বন বিভাগৰ।

পাৰ্কুপ, কঁঠালগুৰি, বৰজুৰি, পানীমূৰাকে আদি কৰি নগাঁও-কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী একাধিক অঞ্চলত আৰক্ষী আৰু বন বিভাগে আজি ক্ষেত্ৰ পৰিদৰ্শন কৰে। অঞ্চলটোত চলি থকা কেইবাটাও ন’-পুৰণি শিলৰ কুঁৱাৰিৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত ক্ষেত্ৰ পৰিদৰ্শন কৰে কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায় আৰু বন সংমণ্ডল বিষয়া জগনাথ ৰংপীয়ে।

দুয়োগৰাকী বিষয়াই কৰা ক্ষেত্ৰ পৰিদৰ্শন কালত চামগুৰিৰ উদমাৰীৰ সীমান্তত সন্দেহজনক ভাবে ডাঙৰ শিলৰ কঢ়িয়াই নিয়া এখন AS-25BC-0925 নম্বৰৰ এল.পি. ট্ৰাক জব্দ কৰাৰ লগতে সোধ-পোচৰ বাবে ট্ৰাক চালকগৰাকীক আটক কৰা হয়।

অৱশ্যে পৰিদৰ্শনকাৰী দলটোৱে শিলভৰ্তি ট্ৰাকসহ চালকজনক নগাঁও জিলা শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ উদমাৰি উপ-খণ্ড বন বিষয়াৰ কাৰ্য্যালয়ৰ বন বিষয়াৰ হাতত গটাই দিয়ে।

আনহাতে, পৰিদৰ্শনৰ অন্তত অবৈধভাৱে যদি অঞ্চলটোত কোনো শিলৰ কোৱাৰি চলি আছে অথবা বৈধ শিলৰ কোৱাৰি সমূহেও যদি নীতি বহিৰ্ভূতভাৱে কৰা কামকাজৰ জৰিয়তে ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰাৰ তথ্য-প্ৰমাণ পোৱা যায় তেতিয়া হ’লে শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে।

তদুপৰি, নগাঁও-কাৰ্বি আংলং সীমান্তৰ অবৈধ কোৱাৰি তথা শিল-মাটি খননৰ বিৰুদ্ধে এতিয়াৰ পৰা কাৰ্বি আংলংৰ আৰক্ষী আৰু বনবিভাগে যুটীয়াভাবে অভিযান তদাৰক কৰিব বুলি স্পষ্ট কৰি দিয়ে পৰিদৰ্শনকাৰী কাৰ্বি আংলঙৰ বন সংমণ্ডল বিষয়াগৰাকীয়ে।

স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমী সকলে অভিযোগ কৰি অহা ধৰণে বৃহত্তৰ নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলৰ ন’-পুৰণি শিলৰ কোৱাৰী সমূহে পাহাৰৰ দাঁতিত থকা হস্তীদণ্ডীত কোনোধৰণৰ বিৰূপ প্ৰভাৱ পেলাইছে নেকি সেই বিষয়ে সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা দেখা গ’ল কাৰ্বি আংলঙৰ বন সংমণ্ডল বিষয়াগৰাকীক।

উল্লেখযোগ্য যে, মঙলবাৰে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী দুৰ্গম অঞ্চললৈ আহি কাৰ্বি আংলং জিলাৰ আৰক্ষী প্ৰশাসন আৰু বন বিভাগে শিলৰ কোৱাৰি আৰু খনন সন্দৰ্ভত দিনজুৰি কৰা ক্ষেত্ৰ পৰিদৰ্শনৰ অন্তত কেনে ধৰণৰ প্ৰতিবেদন প্ৰস্তুত কৰে সেয়া অতিশয় লক্ষণীয় হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd