নগাঁৱত আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুছেইন

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়া মতে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজিয়াগাঁৱৰ নিবাসী তথা ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুছেইন (৩৫)নামৰ লোক জনক আজি দিনৰ প্ৰায় ১০.৩০ মান বজাত চামগুৰিৰ পৰা নগাঁও টাওনৰ অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখযোগ্য যে, আৰক্ষীয়ে আটক কৰা জাকিৰ হুছেইনৰ চামগুৰি সাপ্তাহিক বজাৰৰ সমীপত থকা দোকানখনত আজি কিছুদিন পূৰ্বে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত এটা আৰক্ষী দলে অভিযান চলাই যথেষ্ট সংখ্যক ড্ৰাগছযুক্ত টেবলেট, লিকুইডৰ বটল জব্দ কৰাৰ লগতে দোকানখনৰ কৰ্মচাৰী মাইনুল হুছেইনক আটক কৰিছিল।

দোকানখনৰ স্বতাধিকাৰী জাকিৰ হুছেইন পলাতক অৱস্থাত আছিল ৷

ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত জাকিৰ হুছেইনক বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷