বৰবৰুৱা হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ; একপক্ষীয় প্ৰেমেই মৃত্যু মাতিলে যুৱতীৰ

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা চাহ বাগিচাত যোৱা ১৭ আগষ্টত সংঘটিত হত্যাকাণ্ডৰ সৈতে জড়িত মূল দোষীক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ধৃত যুৱকজনক বিশাল কৰ্মকাৰ ওৰফে তাক্লু (২১) বুলি চিনাক্ত কৰা হৈছে। তেওঁ ঘৰ একেখন বাগানৰ ৩ নং লাইনত। নিহত যুৱতী গৰাকীৰ ঘৰ ২নং লাইনত।

আৰক্ষীয়ে জনোৱা মতে একপক্ষিয় প্ৰেমৰ পৰিনতিতে এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হ’ল।

যুৱকজনে আৰক্ষীৰ আগত যুৱতী গৰাকীক বহুবাৰ প্ৰেমৰ প্ৰস্তাব দিয়াৰ কথা স্বীকাৰ কৰি কয় যে প্ৰত্যেক বাৰেই যুৱতীগৰাকীয়ে তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল।

বাৰে বাবে এইদৰে প্ৰত্যাখ্যাত হোৱাৰ ক্ষোভ দমাই থ’ব নোৱাৰী অৱশেষত তেওঁ যুৱতীগৰাকীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচে। আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

বৰবৰুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাই কয়, ‘অভিযুক্তই হত্যাকাণ্ড কৰা বুলি স্বীকাৰ কৰিছে। তেওঁৰ কোনো সহযোগী নাছিল আৰু কোনো ধৰ্ষণকাণ্ডও ঘটা নাই।‘

‘তেওঁ অকলেই ইয়াক সংঘটিত কৰিছিল। এয়া একপক্ষীয় প্ৰেমৰ পৰিনতিত প্ৰতিশোধ ল’বলৈ কৰা হত্যাৰ ঘটনা। আমি ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিছো।‘ বৰুৱাই কয়।

উল্লেখযোগ্য যে ১৭ আগষ্টৰ পুৱা বৰবৰুৱা চাহ বাগিচাৰ এটা নলাত বাগিচাখনৰে এগৰাকী ২১ বছৰয়ীৰ আদিবাসী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্য আৰু স্থানীয় লোকৰ অভিযোগ মতে কোনো দুৰ্বৃত্তই তেওঁক ধৰ্ষণ কৰি পিছত এনেদৰে হত্যা কৰি বাগিচাৰ নলাত পেলাই থৈ যায়।

নিহত যুৱতীগৰাকীয়ে বি চি পি এল টাউনশ্বিপৰ কৰ্মচাৰীসকলৰ কোৱাৰ্টাৰত বনকৰা মহিলা হিচাপে কাম কৰিছিল।