মন্ত্ৰী হিমন্ত বিশ্বক হত্যাৰ ষড়যন্ত্ৰ! অৱশেষত গ্ৰেপ্তাৰ আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈক

20100604271104302

নিৰ্বাচনৰ পূৰ্বে অসম অশান্ত কৰি তোলাৰ লগতে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত অৱশেষত গুৱাহাটী মহানগৰ আৰক্ষীয়ে আলফাৰ প্ৰাক্তন উপ-সভাপতি তথা আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে একে অভিযোগতে কাৰ্বি আংলঙৰ পৰা গ্ৰেপ্তাৰ কৰে আন দুজন লোক ক্ৰমে মানৱ পাঠক আৰু কেতু মোডীক।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মানৱ পাঠক বিজেপি নেতা জীৱন পাঠকৰ ভাতৃ।

গুৱাহাটী মহানগৰ আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ নিৰ্দেশত আলফাৰ প্ৰাক্তন নেতা প্ৰদীপ গগৈক তেওঁৰ হাতীগাওঁস্থিত বাসভৱনৰ পৰা আটক কৰা হৈছিল।

আলোচনাপন্থী আলফা নেতা তথা সংগঠনটোৰ উপ সভাপতি প্ৰদীপ গগৈক দিচপুৰ আৰক্ষীয়ে আটক কৰি জেৰা চলাইছিল।

প্ৰথমে দিচপুৰ থানাত গগৈক জেৰা কৰাৰ পিছত তেওঁক আৰক্ষীৰ অপৰাধ শাখাই জেৰা চলায়।ইয়াৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে প্ৰদীপ গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২১/১২১৯ক ধাৰাত ০৬/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।

অভিযোগ অনুসৰি প্ৰাক্তন আলফা নেতা প্ৰদীপ গগৈয়ে আন লোক দুজনৰ সৈতে মিলি নিৰ্বাচনৰ সময়ত অসম ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰাৰ উপৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো হত্যাৰ ষড়যন্ত্ৰ কৰিছিল।

এই সন্দৰ্ভত আৰক্ষীয়ে ফোন টেপ লাভ কৰা বুলিও জানিব পৰা গৈছে।