আমবাগানত আৰক্ষীয়ে আটক কৰিলে চোৰাং গৰু সহ গাড়ী, চোৰাং সৰবৰাহকাৰী

cattle smugler & cattle seized

ফটো: নৰ্থইষ্ট নাও।

গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি ৰূপহীহাটৰ আমবাগানত আৰক্ষীয়ে চোৰাং গৰু সহ গাড়ী জব্দ কৰিছে ।

গাড়ীখনৰ চালক আৰু চোৰাং গৰু সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে।

গৰুৰ চোৰাং সৰবাহৰকাৰীত ব্যৱহাৰ কৰা গাড়ী খনৰ নম্বৰ হ’ল AS-02 -BC 7053।

আমবাগানৰ পৰা বৰঘুলি অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰা হয় চাৰিটাকৈ চোৰাং গৰু।

আনহাতে, আমবাগান আৰক্ষীয়ে আটক কৰা ব্যক্তি দুজন হ’ল আব্দুল কাইয়ুম আৰু ইজাজুল হক ।

আমবাগান আৰক্ষী চকীৰ গাড়ী চালকৰ সহযোগত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে আটক কৰে চোৰাং গৰু গাড়ী খন।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ইজাজুল হক নামৰ  সৰবৰাহকাৰীজনৰ।