হোজাইৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত ৩জন অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

images-1-750x375-1

প্ৰতিনিধিত্বমূলক ফটো

হোজাই জিলাৰ ডবকা থানাৰ অধীনৰ দীঘলিঝাৰণি অঞ্চলত এগৰাকী যুৱতীৰ দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত মূল অভিযুক্ত পাঁচজনৰ ভিতৰত তিনিজনক ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত তিনিজনক ডবকাৰ লালমাটি গাঁৱৰ গোলাপ হুছেইন, ছাজিদ আহমেদ আৰু দিলোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, ঘটনাৰ সৈতে জড়িত আন দুজন মূল অভিযুক্ত আব্দুল মতিন আৰু আলম উদ্দিন এতিয়াও পলাতক হৈ আছে।

আৰক্ষীয়ে, অৱশ্যে লগতে ঘটনাৰ বলি যুৱতীগৰাকীৰ নিকট আত্মীয় ফইজল ইছলামক আটক কৰিছে। ইছলাম ধৰ্ষিতা যুৱতীগৰাকীৰ ভিনিহিয়েক।

উল্লেখযোগ্য যে এগৰাকী আত্মীয়ৰ ঘৰৰ পৰা ভিনিহিয়েকৰ সৈতে যুৱতীগৰাকী ঘৰলৈ উভতি অহাৰ সময়তে জঘন্য ঘটনাটো সংঘটিত হৈছিল। জানিব পৰা মতে, দুয়োজনে এখন ঘন বননি পোৱাৰ সময়তে ভিনিহিয়েকে অকলে জংঘলৰ মাজত সোমাই গুচি গৈছিল।

ইয়াৰ পাছতেই পাঁচজনীয়া দুৰ্বৃত্তৰ দলটোৱে ছোৱালীজনীক আক্ৰমণ কৰে আৰু তাইক বলপূৰ্বক জংঘলৰ মাজলৈ লৈ গৈ ধৰ্ষণ কৰাৰ লগতে সমগ্ৰ ঘটনাটো মোবাইলত আবদ্ধ কৰে।

তদুপৰি, প্ৰায় লগে লগেই গোটেই ভিডিঅ’টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

ছচিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতে ঘটনাৰ বলি যুৱতীগৰাকীৰ অভিভাৱকে ঘটনাটো সম্পৰ্কে জানিব পাৰে আৰু লগে লগে যুৱতীগৰাকীৰ পিতৃয়ে যোৱা ২৩ এপ্ৰিলত ডবকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

ইপিনে, ভিডিঅ’টো বিতংভাৱে তদন্ত কৰাৰ পাছত আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত পাঁচজন অভিযুক্তৰ আটাইকেইজনকে চিনাক্ত কৰে।

আৰক্ষীয়ে লগতে উল্লেখ কৰে যে যদিও ঘটনাটো কেই সপ্তাহমান আগতে সংঘটিত হৈছিল, ঘটনাৰ বলি যুৱতীগৰাকীয়েই হওক বা তেওঁৰ ভিনিহিয়েক কোনোৱে সিঁহতৰ পৰিয়ালৰ লোকৰ আগত এই বিষয়ে কোৱা নাছিল।

এইটোৱে গোটেই ঘটনাটোৰ সৈতে ভিনিহিয়েক ফইজল জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।