NORTHEAST NOW (Assamese)

দেউৰীগাঁৱৰ পৰা নিশা উৎখাত বৃহৎ জুৱাৰ ঘাটি : ধৃত দুজন জুৱাৰী

November 2, 2019 10:08 am · ভার্গব হাজৰিকা
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী দুজন। ফটো : নৰ্থইষ্ট নাও

ক্ৰমশঃ ৰাজ্যত বৃদ্ধি পোৱা সুৰা আৰু জুৱাৰ বেহাই ইতিমধ্যেই এক ভীষণ সামাজিক ব্যাধি ৰূপে দেখা দিছে।

নগাঁও জিলাৰ পুৰণিগুদামৰ দেউৰীগাঁৱতো শুকুৰবাৰে নিশা চামগুৰি আৰক্ষীয়ে চলালে অবৈধ জুৱা বিৰোধী এক ব্যাপক অভিযান।

অভিযানৰ কালছোৱাত আৰক্ষীৰ দলটোৱে এটা বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জুৱাৰ ঘাটিৰ পৰা জুৱা খেলৰ বহু কেইপদ সামগ্ৰী জব্দ কৰাৰ লগতে দুজন কম বয়সীয়া জুৱাৰীকো কৰায়ত্ব কৰে।

অৱশ্যে মূল অভিযুক্ত অনিল ফুকন নামৰ মাফিয়াটো ঘাটিটোৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

অনিল ফুকন নামৰ মাফিয়াটোৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি অঞ্চলটোত জুৱাৰ এটা বৃহৎ চক্ৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

ইফালে ধৃত দুই জুৱাৰী জ্ঞানজোতি শইকীয়া আৰু টিকু ডেকাৰ ওপৰত চামগুৰি আৰক্ষী থানাত আৰক্ষীয়ে চক্ৰটোৰ সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।

Related News