কোনোবাই কৰ্তব্যৰত অৱস্থাত ৰিল বনাই আছে। কোনোবাই নিৰাপত্তাৰ নিয়ম ভংগ কৰি ভিভিআইপিৰ সৈতে চেলফি লোৱাত ব্যস্ত।
সোমবাৰৰ পৰা চলি নাথাকিব এই সকলো অনিয়ম। কৰ্তব্যত যোগদান কৰাৰ পূৰ্বে ব্যক্তিগত মোবাইল বিষয়াৰ ওচৰত জমা দিব লাগিব। যদি অফিচ মোবাইল আছে তেন্তে ইয়াক প্ৰশাসনিক প্ৰয়োজনীয়তা অনুসৰি ব্যৱহাৰ কৰিব পাৰি। বাকী সময় মোবাইল চুইচ অফ কৰি ৰাখিব লাগে।
সোমবাৰৰ পৰা হাৰিয়ানা আৰক্ষীত বলবৎ হ’ব এই নিয়ম। ৰাজ্যিক আৰক্ষীৰ ডিজিৰ এই নিৰ্দেশনা সকলো জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দিয়া হৈছে।
ৰাজ্য আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে সেৱাৰ চৰ্ত অনুসৰি আৰক্ষীয়ে কৰ্তব্যৰত অৱস্থাত মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু বেছিভাগ আৰক্ষী জোৱানেই সেই নিয়ম মানি নচলে।
তেওঁ কয় যে আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল ভিভিআইপি কৰ্তব্যৰত বহু আৰক্ষী জোৱানও এনে কু-কৰ্মত জড়িত হৈ আছে। আনকি ভিভিআইপিৰ সৈতে চেলফি লোৱাতো ব্যস্ত। মুখ্যমন্ত্ৰীৰ দৰে ভিভিআইপিকো বাদ দিয়া হোৱা নাই।
ডিজিৰ নিৰ্দেশনা অনুসৰি যান-বাহন নিয়ন্ত্ৰণ, আইন-শৃংখলা ৰক্ষা, ভিআইপিক সুৰক্ষা, অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ অভিযানত আৰক্ষীৰ ক্ষেত্ৰত এই নিৰ্দেশনা কঠোৰভাৱে বলবৎ কৰা হ’ব।