NORTHEAST NOW (Assamese)

মেঘালয়ত আৰক্ষীৰ গাড়ীত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ

June 26, 2023 5:28 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

চুবুৰীয়া ৰাজ্য মেঘালয়ত আৰক্ষীৰ এখন মাৰুতি জিপছী গাড়ীত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিছে।

দেওবাৰে সন্ধিয়া মেঘালয়ৰ পূব খাচি পাহাৰ জিলাৰ শ্বিলঙৰ মাউলাই মাউৰোহত সংঘটিত হয় এই ঘটনা।

লগতে পঢ়কঃ অদ্ভুত কাণ্ড! স্কুটাৰত ৭টা শিশুকে ধৰি চালক; ভাইৰেল ভিডিঅ’ দেখি আতংকিত নেটিজেন, গ্ৰেপ্তাৰ অভিযুক্ত

উমৰাণৰ আৰক্ষী প্ৰশিক্ষণ বিদ্যালয় (পিটিএছ)ৰ আৱাসিক কোৱাৰ্টাৰৰ সমীপতে ৰখাই থোৱা অৱস্থাত গাড়ীখনত অগ্নিসংযোগ কৰা হয়।

ইফালে, মেঘালয় আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে।

লগতে পঢ়কঃ পৰকীয়াৰ পৰিণতি! পত্নীৰ প্ৰেমিকৰ ডিঙি কাটি তেজ পান কৰিলে স্বামীয়ে

আৰক্ষীৰ তদন্ত চলি আছে আৰু এই কাণ্ডৰ আঁৰৰ দোষীক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

(বিতং তথ্যৰ বাবে অপেক্ষা কৰা হৈছে)

Related News