গামোচাক অপমান : এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল

ajmal-1

ঐতিহ্য সুৰক্ষা সমিতি নামৰ এক সংগঠনে বৃহস্পতিবাৰে এআইয়ুডিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেজপুৰ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে।

আজমলৰ বিৰুদ্ধে অসমীয়া ‘গামোচা’ক আপমান কৰাৰ অভিযোগত গোচৰ দাখিল কৰিছে এই সংগঠনটোৱে।

বিধানসভাৰ নিৰ্বাচনত নিজ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত কোনো ব্যক্তিয়ে গামোচাৰে সম্বৰ্ধনা জনাওঁতে আজমলে গামোচাখন দলিয়াই দিয়াৰ বুলি অভিযোগ উঠিছে।

“তেজপুৰ আৰক্ষী থানাত এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে অসমীয়া ঐতিহ্যৰ প্ৰতীক গামোচাক অপমান কৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছো। অসমীয়াৰ ঐতিহ্যৰ প্ৰতীকক অমপান কৰাৰ আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো।” সমিতিৰ সম্পাদক নয়ন জ্যোতি কলিতাই সংবাদ মাধ্যমৰ আগত কয়।

ইফালে অসম বিধানসভা নিৰ্বাচনত এআইয়ুডিএফ প্ৰধান আজমলক অসমৰ মুখ্যমন্ত্ৰী হ’ব বুলি ভিত্তিহীন প্ৰচাৰ চলাই অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰি হিন্দু আৰু মুছলমানৰ মাজত বিভাজনৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গামোচাক অপমান কৰা বুলি আজমলক সমালোচনা কৰিছে।