বন্দুক এৰি পথ মেৰামতিৰ বাবে ওলাই আহিল আৰক্ষী; ক’ত এই ঘটনা?

IMG_20191202_122609

কৃষ্ণাইত পথ মেৰামতিৰ বাবে আগবাঢ়ি আহিছে আৰক্ষী। ফটো: নৰ্থইষ্ট নাও

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন ভূঞাৰ উদ্যোগত আৰু কৃষ্ণাই নাগৰিক সমতিৰ সহযোগত আৰক্ষীৰ দল এটাই বন্দুক এৰি পথ মেৰামতি বাবে ওলাই আহিছে ৷

কৃষ্ণাই সপ্তাহিক বজাৰৰ পৰা হাব্ৰাঘাট মহাবিদ্যালয়লৈ যোৱা পথছোৱা কৃষ্ণাই নাগৰিক সমিতিৰ সহযোগত কৃষ্ণাই আৰক্ষীয়ে মেৰামতি কৰে ৷

বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকা পথছোৱাৰে অঞ্চলটোৰ এক মাত্ৰ উচ্চ শিক্ষানুষ্ঠান হাব্ৰাঘাট মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক সকলে যাতায়াতৰ ক্ষেত্ৰত হাবাথুৰি খাই থাকিব লগা হৈছে ৷

অৱশেষত কৃষ্ণাইৰ আৰক্ষীয়ে নাগৰিক সমিতিৰ সহযোগত এনেদৰে পথ মেৰামতি বাবে ওলাই আহিছে ৷

উল্লেখ্য যে জৰাজীৰ্ণ এই পথছোৱাৰে ছাত্ৰ-ছাত্ৰীসকলে বহু দূৰ্যোগৰ মাজেৰে যাতায়াত কৰি আহিছে।

কেইবাবাৰো এই পথছোৱাৰ নামত পঞ্চায়তে আঁচনি ধৰি ৰূপায়ণৰ নামত ধন আত্মসাৎ কৰা বুলিও মুকলিকৈ অভিযোগ উত্থাপিত হৈ আহিছিল।

পথছোৱাৰ মেৰামতিৰ দাবীত বহুবাৰ আবেদন-নিবেদন কৰি আহিছে যদিও কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা কৰ্তৃপক্ষই গ্ৰহণ নকৰিলে।

কৃষ্ণাইৰ আৰক্ষীৰ এনে দৰে পথ মেৰামতিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে হাব্ৰাঘাট মহাবিদ্যালয় কৰ্তৃপক্ষ, ছাত্ৰ-ছাত্ৰীৰ লগতে কৃষ্ণাই অঞ্চলৰ সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰে ৷

পথ মেৰামতিৰ কামত আৰক্ষী আৰু নাগৰিক সমতিৰ সহায় আগবঢ়ায়  অঞ্চলটোৰ ভালে সংখ্যক লোকে ৷