যান-বাহনৰ নতুন নিয়ম সন্দৰ্ভত আৰক্ষী আয়ুক্ত-যুটীয়া আয়ুক্তৰ সংবাদমেল

আজি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত আৰু যুটীয়া আয়ুক্তই যান-বাহনৰ নতুন নিয়ম সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি মহানগৰীৰ বাবে কেইবাটাও নতুন নিয়ম বান্ধি দিয়ে।

সংবাদমেলত আৰক্ষী আযুক্ত মুন্না প্ৰসাদ গুপ্তাই আজিৰ দিনটোত গুৱাহাটীত কেৱল শেষৰ দুটা নম্বৰ যুগ্ম হ’লেহে গাড়ী চলাব পাৰিব বুলি জনায়।

ইয়াৰ বিপৰীতে কাইলৈ অৰ্থাৎ শনিবাৰে অযুগ্ম নম্বৰ আৰু অহা দেওবাৰে আকৌ যুগ্ম সংখ্যাৰে পঞ্জীয়নযুক্ত গাড়ীহে চলিব। এই নিয়ম দেওবাৰলৈকে প্ৰযোজ্য হৈ থাকিব বুলি উল্লেখ কৰে।

অৱশ্যে  এই নিয়ম আৰক্ষী বাহন, চিকিৎসা সেৱা, সংবাদ মাধ্যমৰ গাড়ী, বিদ্যুৎ বিভাগৰ গাড়ী, পানী আৰু মালবাহী ট্ৰাকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।

আনহাতে দুখীয়া জনসাধাৰণক খাদ্য সামগ্ৰী বিতৰণ কৰিব যাওঁতে আৰক্ষী-প্ৰশাসনৰ অনুমতি ল’ব লাগিব বুলিও জনায় আৰক্ষী আযুক্ত জনে।

সংবাদমেলত জানিবলৈ দি কয় যে এই পৰ্যন্ত প্ৰায় ১২০০ৰো অধিক non FIR case ৰুজু হৈছে। মহানগৰীত  বৰ্তমানলৈ  ২৭১৭ খন দুচকীয়া বাহন, ২০ খন তিনিচকীয়া আৰু ২৪০ খন চাৰিচকীয়া বাহন জব্দ কৰা হৈছে।

আনহাতে বৰ্তমানলৈ মহানগৰীৰ আৰক্ষীয়ে বৃহৎ পৰিমানৰ জৰিমনাও আদায় কৰাৰ কথা উল্লেখ কৰে। বৰ্তমানলৈ  ১১,৯১,৫০০ টকা জৰিমনা আদায় কৰিছে মহানগৰ আৰক্ষীয়ে৷

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল লকডাউনৰ সময়চোৱাত গুৱাহাটীত এটাও পাৰিবাৰিক সংঘাতৰ গোচৰ ৰুজু নোহোৱাৰ লগতে অন্য ধৰণৰ অপৰাধো কমিছে বুলি জনায় মহানগৰ আযুক্ত গৰাকীয়ে৷

আজিৰ এই সংবাদমেলত যুটীয়া আৰক্ষী আযুক্ত দেৱৰাজ উপাধ্যায়ৰ লগতে যান-বাহন বিভাগৰ ডিচিপি মায়ংক কুমাৰ উপস্থিত থাকে।