অব্যাহত ড্ৰাগছ দাহন অভিযান: বঙাইগাঁৱত আৰক্ষীয়ে জ্বলাই দিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

bouuu

বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনে আজি জিলাখনত জব্দকৃত মুঠ ৮১,৯৬,১০০ টকা মূল্যৰ নিচাজাতীয় দ্ৰব্য জ্বলাই দি বিনষ্ট কৰে ৷

জিলাখনৰ অন্তৰ্গত বিভিন্ন থানাৰ আৰক্ষীয়ে জব্দ কৰা আৰু আদালৰ মালখানাত মজুত থকা এই নিচাজাতীয় দ্ৰব্যসমূহ আদালৰ নিৰ্দেশ মৰ্মে বঙাইগাঁও চহৰৰ নিকটৱৰ্তী মাজগাঁৱৰ অসামৰিক চিকিৎসালয়ৰ ওচৰত জ্বলাই দি বিনষ্ট কৰে ৷

জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ অভিযানৰ অধীনত এই জব্দকৃত নিচাজাতীয় দ্ৰব্যসমূহ বিনষ্ট কৰা হয় ৷ ইপিনে এই নিচাজাতীয় দ্ৰব্যসমূহ বিনষ্ট কৰি পশ্চিম অসম সংমণ্ডলৰ আৰক্ষী উপ মহা পৰিদৰ্শক দীলিপ কুমাৰ দেই সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমান চৰকাৰখনৰ লগতে বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনেও ড্ৰাগছ তথা অন্যান্য অবৈধ নিচাজাতীয় সামগ্ৰীৰ বেহাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে ৷

বিগত সময়চোৱাত আৰক্ষীয়ে  বঙাইগাঁও জিলাত বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷

এই জব্দকৃত পুৰণি আৰু নতুন নিচাজাতীয় দ্ৰব্যসমূহ আদালতৰ নিৰ্দেশত ইয়াত বিনষ্ট কৰা হৈছে ৷ আৰক্ষী উপ মহা পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়া মতে আজি  ২৯,৬৭,০০০ টকা বজাৰ মূল্যৰ ১৪৮৩.৯১৬ কেজি গাঞ্জা , ৩,০২,১৯০ টকা বজাৰ মূল্যৰ ২০,১৪৬ টা নিচাজাতীয় কেপচুল, ১,২৪,৬৫০ টকা বজাৰ মূল্যৰ ৮,৩১০ টা  নিচাজাতীয় টেবলেট ,১৫,০০০ টকাৰ ১৫০ টা ক’ফ চিৰাপ ,৩,৯২,১০৫ টকা বজাৰ মূল্যৰ ৫৬.০১৫ গ্ৰাম হে’ৰইন আৰু ৪৩,৯৫,১৫৫ টকা বজাৰ মূল্যৰ ১১২.৮০৯ কেজি অন্যান্য নিচাজাতীয় টেবলেটসহ মুঠ ৮১,৯৬,১০০ টকা মূল্যৰ নিচাজাতীয় দ্ৰব্য জ্বলাই দি বিনষ্ট কৰে ৷

নিচাজাতীয় দ্ৰব্য বিনষ্ট কাৰ্যত জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক জাঃ নীল মাধৱ দাস,  কাৰ্যবাহী দণ্ডাধীশ,  উপ আৰক্ষী অধীক্ষক লুণা সোনোৱালকে ধৰি আৰক্ষী বিষয়া আদি উপস্থিত থাকে ৷