ত্ৰিপুৰাৰ আগৰতলাত ১০ গৰাকী বাংলাদেশী নাগৰিক আটক

ফটো নৰ্থ-ইষ্ট নাও

লকডাউনৰ মাজতে ত্ৰিপুৰাত আজি ১০ গৰাকীকৈ বাংলাদেশী নাগৰিকক আটক কৰা হয়। ধৃত লোককেইজনৰ লগত পাছপ’ৰ্ট বা কোনোধৰণৰ বৈধ নথি-পত্ৰ নাই।

আজি পশ্চিম আগৰতলা আৰক্ষীয়ে আগৰতলাৰ জয় নগৰ অঞ্চলৰ পৰা লোক কেইজনক আটক কৰে।

লোককেইজনে বাংলাদেশলৈ উভতি যোৱাৰ উদ্দেশ্যে অঞ্চলটোত ঘুৰি ফুৰা দেখা পাই আৰক্ষীয়ে তেওঁলোকক আটক কৰে বুলি জানিবলৈ দিয়ে।

আৰক্ষীৰ জেৰাত দলটোৰ এজনে যোৱা প্ৰায় ৭ মাহৰ আগতে ত্ৰিপুৰাত প্ৰৱেশ কৰি আগৰতলাত নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰি আহিছিল বুলি স্বীকাৰ কৰে।

‘আটাইকেইজনে নগৰখনত বিভিন্ন ঠিকাদাৰৰ অধীনত কাম কৰি আছিল। লকডাউনৰ ফলত কাম বন্ধ হৈ যোৱাৰ বাবে তেওঁলোকে বাংলাদেশলৈ ওভতি যোৱাৰ সিদ্ধান্ত লয়।‘ আৰক্ষীয়ে জনায়।

ইপিনে আৰক্ষীয়ে জনোৱা মতে এগৰাকী দালালে প্ৰত্যেকজনৰ পৰা ২,৬০০ টকাৰ বিনিময়ত তেওঁলোকক ৰাজ্যখনত প্ৰৱেশ কৰাত সহায় কৰে।

বাতৰি যুগুত কৰাৰ সময়লৈকে উক্ত দালালজনৰ সবিশেষ বিচাৰি আৰক্ষীয়ে আটকাধীন লোক কেইজনক জেৰা চলাই আছে।