সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এজনক আটক আৰক্ষীৰ

purbajyoti-Chutia-1-724x375

জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে শেহতীয়াকৈ এজন লোকক আটক কৰিছে।

সন্দেহ কৰা অনুসৰি ধনৰ লেন-দেন সম্পৰ্কীয় কাৰো এই মৃত্যুৰ সৈতে জৰিত হৈ থাকিব পাৰে।

সাংবাদিক চুতীয়াক পাবলগীয়া ধন বিচাৰি এজন লোকে এছ এম এছৰ জৰিয়তে ভাবুকি দিয়া বুলি অভিযোগ উঠিছে।

তেনে অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে হাতীগাঁৱৰ নটবমাৰ পৰা জুলফিকৰ আলী নামৰ এজন লোকক আটক কৰি জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য আজিপুৱা নিজ ঘৰৰ সন্মুখতে উদ্ধাৰ হৈছে চুতীয়াৰ মৃতদেহ। হাতীগাঁও শেৱালি পথৰ বাসিন্দা আছিল সাংবাদিক চুতীয়া।

ৰহস্যজনক  অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটোত  অস্ত্ৰৰ আঘাতৰ চিন নাই বুলি দাবী কৰিছে হাতীগাঁও আৰক্ষীয়ে।

পুৱা প্ৰায় ৭ বজাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি ঘৰৰ তললৈ মাজনিশা পানীৰ মটৰৰ চুইছ দিবলৈ নামি আহিছিল চুতীয়া। তাৰ পাছতে সন্ধানহীন হৈ আছিল চুতীয়া।

পাছত ঘৰৰ পৰা প্ৰায় ৫০ মিটাৰ নিলগৰ এটা  নলাত প্ৰত্যক্ষ কৰে তেওঁৰ মৃতদেহ।

পৰিয়ালৰ লোকে হত্যাৰ সাংবাদিকগৰাকীক হত্যা কৰা হৈছে বুলি সন্দেহ ব্যক্ত কৰিছিল। আৰক্ষীয়ে প্ৰাথমিক তদন্তত আঁঠুত চোঁচৰা দাগ প্ৰত্যক্ষ কৰিছে।

ৰাজ্যখনৰ এগৰাকী জনপ্ৰিয় ক্ৰীড়া সাংবাদিক পূৰ্বজ্যোতি চুতীয়া বৰ্তমান গুৱাহাটীৰ পৰা প্ৰকাশিত নিয়মীয়া বাৰ্তাৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল।

জনপ্ৰিয় সাংবাদিক গৰাকীৰ এনে আকস্মিক ৰহস্যজনক মৃত্যুত ৰাজ্যখনৰ সংবাদ জগতত শোকৰ ছাঁ পৰিছে।