অখিল গগৈৰ সমৰ্থকৰ বিৰুদ্ধে ক’ভিড SOP উলংঘা কৰাৰ অপৰাধত আৰক্ষীৰ আইনী ব্যৱস্থা গ্ৰহণ

mm

NIA আদালতত দোষমুক্ত ঘোষণা হৈ শিৱসাগৰ সমষ্টি অভিমুখে কৃষক নেতা অখিল গগৈ গুৱাহাটীৰ পৰা ৰাওনা হোৱাৰ পথত বিভিন্ন অঞ্চলত গগৈক সমৰ্থকে আদৰণি জনাইছে।

সেইমৰ্মে ভালেসংখ্যক সমৰ্থকে নিজ নিজ অঞ্চলত আদৰণি জনাই অখিল গগৈৰ কনভয়ৰ সৈতে শিৱসাগৰ অভিমুখে গমন কৰিছিল।

কিন্তু যিহেতু ৰাজ্য চৰকাৰে ঘোষণা কৰা কভিডৰ নতুন SOP অনুসৰি দুপৰীয়া ২ বজাৰ পৰা আন্ত:জিলা যাতায়াত আৰু একাধিক ব্যক্তি একেলগে গোট খোৱাটো নিষিদ্ধ, সেয়ে কভিড SOP ভংগ কৰাৰ অপৰাধত শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ সীমাৱতী অঞ্চল জাঁজীত টীয়ক আৰক্ষীয়ে মুঠ এঘাৰখন গাড়ী আটক কৰে।

ইতিমধ্যে আটক কৰা গাড়ীসমূহৰ বিৰুদ্ধে টীয়ক আৰক্ষীয়ে ক’ভিড বিধি উলংঘাৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে।