NORTHEAST NOW (Assamese)

ৰাজ্যৰ চূকে-কোনে ওলাইছে ড্ৰাগছ! কৃষ্ণাইত ড্ৰাগছসহ দুজনক আটক

February 14, 2022 6:48 am · নীলমনি শর্মা, কৃষ্ণাই
ফটো: নৰ্থইষ্ট নাও।

সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থকাৰ মাজতে গোৱালপাৰা জিলাৰ কৃষ্ণাইতো দেওবাৰে দুই ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰাৰ লগতে প্ৰায় ৫০ হাজাৰ টকা মূল্যৰ নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় কৃষ্ণাই আৰক্ষীয়ে৷

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কৃষ্ণাইৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষ্ণাই আৰক্ষীয়ে এক বিশেষ অভিযান চলাইছিল।

এই অভিযানৰ সময়তে আৰক্ষীয়ে ড্ৰাগছসহ দুই সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হয় ৷

আটকাধীন ড্ৰাগছ ব্যৱসায়ীদ্বয় হ’ল ক্ৰমে- কৃষ্ণাই খৰিধৰাৰ নুৰ আলম আৰু কৃষ্ণাই জ্যোতিনগৰৰ চফিকুল ইছলাম ৷ আৰক্ষীয়ে দুয়োকে জেৰা অব্যাহত ৰাখিছে। 

গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই ইতিমধ্যে কৃষ্ণাই থানাত আহি দুয়োকে সোধাপোচা অব্যাহত ৰাখিছে ৷ 

Related News