খানাপাৰাত ভাৰত জোড়ো ন্যায় যাত্ৰাত উত্তপ্ত পৰিস্থিতি; আৰক্ষীৰ লাঠীচালনা, ভূপেন বৰাক প্ৰহাৰ

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে খানাপাৰাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গুৱাহাটীত প্ৰৱেশ কৰাৰ সময়তে ন্যায় যাত্ৰাত বাধা প্ৰদান আৰক্ষীৰ। হাজাৰ হাজাৰ মানুহৰ অংশগ্ৰহণেৰে আগবঢ়া ন্যায় যাত্ৰাত অংশ গ্ৰহণকাৰীসকলৰ ওপৰত অসম আৰক্ষীয়ে লাঠীচালনা কৰে।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু উপ আৰক্ষী আয়ুক্তৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ  সভাপতি ভূপেন বৰাৰ হতাহতি হয়। আৰক্ষীয়ে ভূপেন বৰাক প্ৰহাৰ কৰে। এই ঘটনাত ভূপেন বৰাৰ লগতে বিৰোধী দলপতি দেবব্ৰত শইকীয়াও নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে কেইবাজনো কংগ্ৰেছকৰ্মীক প্ৰহাৰ কৰাৰো অভিযোগ উঠিছে।

খানাপাৰাত বেৰিকেড সাজি মোতায়েন কৰা হৈছিল আৰক্ষী। আৰক্ষীয়ে দিয়া বেৰিকেড ভাঙি আগবঢ়াৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে লাঠীচালনা কৰে। ইপিনে, অংশগ্ৰহণকাৰী সকলে বিজেপি চৰকাৰ, অসম আৰক্ষী হায় হায় ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে।

লগতে পঢ়কঃ অযোধ্যাত দেশৰ ৪ প্ৰাক্তন মুখ্য ন্যায়াধীশকে ধৰি ১৩ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ; নাছিল ৰঞ্জন গগৈ আৰু…

এই ঘটনাৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে কয় যে আমি সকলোৱে শান্তিপ্ৰিয়ভাৱে  গুৱাহাটীৰ মাজেদি যাব বিচাৰিছিলো। এই ৰাস্তাৰে জেপি নাড্ডাক যাবলৈ দিয়া হৈছিল, বজৰং দল গৈছিল। কিন্তু আমি যেতিয়া যাব বিচাৰিছো আমাক যাব দিয়া নাই। এই অন্যায় আমি সহ্য নকৰো। সংবিধানে দিয়া অধিকাৰ আমি লমেই।

গগৈয়ে কয় যে আমি পৰিবেশ বেয়া কৰিব বিচৰা নাই। অসম আৰক্ষীক অনুৰোধ জনাইছো ইয়াত আমাৰ আই-মাতৃ, বৃদ্ধ সকলো আছে। সকলোকে সুৰক্ষিতভাৱে যাবলৈ দিয়ক। আমি সংঘাত বিচৰা নাই।

গৌৰব গগৈয়ে লগতে কয়, মই এইখন মঞ্চৰ পৰাই হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহক ক’ব বিচাৰো আমাৰ ওপৰত যিমানেই নিৰ্যাতন চলাব আমি সিমানেই শক্তিশালী হৈ পৰিম।

লগতে পঢ়কঃকুনোত পুনৰ তিনিটা পোৱালি জন্ম দিলে নামিবিয়াৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে অনা চিতা `জালা’ই

আনহাতে, ৰাহুল গান্ধীয়ে কয় যে আমি ইয়াৰ বেৰিকেড ভাঙি পেলাই দিছো। কিন্তু আমি আইন ভংগ নকৰো। প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ দৰে কংগ্ৰেছে আইন ভংগ নকৰে। কিন্তু আমি দুৰ্বল বুলি নাভাবিব।