দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত শিমলুগুৰি থানা; আৰক্ষীৰ লাঠীচালনা

20191108_220958

শুকুৰবাৰে শিমলুগুৰি থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। ফটো: নৰ্থইষ্ট নাও

শিৱসাগৰৰ শিমলুগুৰি গড়মূৰ দলঙত বৃহস্পতিবাৰে সংঘটিত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে আবেলি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিমলুগুৰি থানাৰ সন্মুখত।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে আনকি লাঠীচালনা কৰিব লগীয়া ঘটনাও সংঘটিত হয়।

ঘটনা বিৱৰণী মতে বৃহস্পতিবাৰে আবেলি ৩ মান বজাত শিমলুগুৰি গড়মূৰ দলঙত মটৰ চাইকেল (AS-04-Q-7630) আৰু এখন নতুন টাটা জেননৰ মুখামুখি সংঘৰ্ষত মটৰচাইকেলৰ দুই আৰোহী টাটা জেননৰ তলত সোমাই গুৰুতৰভাৱে আহত হয়।

আহত দুই ব্যক্তিক নাজিৰা মেডিকেলত ভৰ্তি কৰোৱা হয় যদিও কেশৱ গগৈ নামৰ ব্যক্তিজনৰ সন্ধিয়া মৃত্যু হয়।

ইপিনে,আনজন মটৰচাইকেলৰ আৰোহী মৃদুল গগৈ বৰ্তমানো চিকিৎসাধীন অৱস্থাত আছে।

শুকুৰবাৰে কেশৱ গগৈৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহ ঘৰলৈ অনাৰ পাছতে গাঁৱৰ ৰাইজে শিমলুগুৰি থানাৰ সন্মুখত সমবেত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়।

ৰাইজৰ অভিযোগ মতে ভুল দিশত আহি থকা টাটা জেনন গাড়ীখনে এডভেঞ্জাৰ মটৰ চাইকেল খনক মহতিয়াই নিছিল।

গাড়ীখন নম্বৰ বিহীন গাড়ী আছিল আৰু গাড়ীখন গ্ৰাহকক ডেলিভাৰী দিবলৈ আহিছিল বুলি জানিব পৰা গৈছে।