ৰক্ষকেই ভক্ষক! খোদ আৰক্ষী বিষয়াই নিৰ্যাতন চলালে শিশু শ্ৰমিকৰ ওপৰত

child laboure

এইবাৰ আৰক্ষীৰ বিৰুদ্ধেই ৰুজু হ’ল PoCSO আইনৰ অধীনত গোচৰ। শিশু শ্ৰমিকৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগত বোকাখাতত গ্ৰেপ্তাৰ হৈছে এগৰাকী আৰক্ষী বিষয়া।

অভিযুক্ত আৰক্ষী বিষয়া গৰাকী উপ-পৰিদৰ্শক পদত অধিস্থিত আছিল বুলি জানিব পৰা গৈছে। ধৃত বিষয়াগৰাকীৰ নাম জয়ন্ত বৰা।

জয়ন্ত বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছিল শিশু শ্ৰমিকক শাৰীৰিক প্ৰহাৰৰ অভিযোগ।

নিজৰ বাসগৃহত শিশু শ্ৰমিক ৰখাৰ উপৰিও শিশু শ্ৰমিকৰ চুলি কাটি, শাৰীৰিক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল বিষয়াগৰাকীৰ বিৰুদ্ধে।

ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ পত্নী বনশ্ৰী বৰা আৰু বোৱাৰীয়েক দীপশিখা শইকীয়াকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

অৱশ্যে বনশ্ৰী বৰা আৰু দীপশিখা শইকীয়াই পিছত জামিন লাভ কৰিছে। কিন্তু প্ৰয়োজনত পুনৰ দুয়ো বোকাখাত আৰক্ষী থানাত হাজিৰ হ’ব লাগিব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।