• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলৰ বিমান আক্ৰমণত নিহত হিজবুল্লাহৰ কমাণ্ডাৰ; শলঠেকত লেবাননৰ উগ্ৰপন্থী গোট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2024 2:45 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলে হত্যা কৰিলে হিজবুল্লাহৰ শীৰ্ষ কমাণ্ডাৰ ইব্ৰাহিম আকিলক। শুকুৰবাৰে বেইৰুটত বিমান আক্ৰমণত নিহত হোৱা বুলি ঘোষণা কৰিছে বেঞ্জামিন নেতানিয়াহুৰ দেশখনে। খবৰ অনুসৰি হিজবুল্লাহৰ ঘাটিত সংঘটিত আক্ৰমণত কেৱল কমাণ্ডাৰজনেই নহয়, ১৪জন নিহত হৈছে। ইয়াৰে ১০ জন শীৰ্ষস্থানীয় আছিল। আহত হয় ৬৬ জন।

১৯৮৩ চনত বেইৰুটত থকা আমেৰিকাৰ দূতাবাস আৰু নৌসেনাৰ ঘাটিত আক্ৰমণৰ নেতৃত্ব দিছিল হিজবুল্লাহৰ জ্যেষ্ঠ নেতা ইব্ৰাহিম আকিলে। তেতিয়াৰ পৰাই আকিল আমেৰিকাৰ স্ক্যানাৰত আছিল। হিজবুল্লাই তেওঁলোকৰ ‘মহান জেহাদী নেতা’ৰ মৃত্যুৰ কথা বিবৃতিযোগে ঘোষণা কৰে।

১৯৮৩ চনৰ এই আক্ৰমণত লেবাননত বাস কৰা এশৰো অধিক আমেৰিকান নাগৰিকৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰাই আমেৰিকাই এই আকিলৰ মূৰৰ দাম ৭০ লাখ টকা ৰাখিছে। ১৯৮০ চনত আমেৰিকান আৰু ইউৰোপীয়সকলৰ অপহৰণৰ লগতো জড়িত আছিল আকিল।

Apply Now

লগতে পঢ়কঃ ‘ফেক্ট চেক ইউনিট’ক লৈ আদালতত মুখথেকেচা খালে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে

শুকুৰবাৰে ইজৰাইলৰ বিমান আক্ৰমণত দক্ষিণ বেইৰুটৰ হিজবুল্লাহৰ এটা ঘাটি সম্পূৰ্ণৰূপে ধ্বংস হয়। একাধিক অট্টালিকা ক্ষতিগ্ৰস্ত হয়। আশংকা কৰা হৈছে যে এতিয়াও বহু লোক ধ্বংসাৱশেষৰ ভিতৰত আবদ্ধ হৈ আছে। উদ্ধাৰৰ কাম চলি আছে। ইয়াৰ প্ৰতিশোধ হিচাপে হিজবুল্লাই ইজৰাইলৰ সামৰিক ঘাটিত একাধিক ৰকেট আক্ৰমণো চলায়।

আকিলৰ মৃত্যুৱে হিজবুল্লাহ গোটক কঁপাই তুলিছে। কিছুদিন পূৰ্বে আন এক অনুৰূপ বিমান আক্ৰমণত নিহত হৈছিল হিজবুল্লাহৰ আন এজন কমাণ্ডাৰ ফৌয়াদ চুকাৰ। দুজন নেতাক হেৰুৱাই এই উগ্ৰপন্থী সংগঠনটোৰ অৱস্থা অলপ থৰক বৰক হৈ পৰিছে।

ইতিমধ্যে একেৰাহে পেজাৰ আৰু ৱাকি-টকি বিস্ফোৰণত হিজবুল্লাহৰ ৩৭ জন সদস্য নিহত হৈছে। এই আক্ৰমণৰ বাবে ইজৰাইলক জগৰীয়া কৰে হিজবুল্লাই। প্ৰতিশোধৰ সতৰ্কবাণীও দিয়া হৈছে। কিন্তু তাৰ আগতে দেখা গ’ল যে জেৰুজালেমত এটাৰ পিছত এটা ৰকেটৰ আক্ৰমণ আৰম্ভ হ’ল।

লগতে পঢ়কঃ আজি চলি আছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ; ৰক্ষা হ’বনে ৰানিল বিক্ৰমাসিংঘেৰ গাদী?

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰসংঘ। সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে দুয়োপক্ষক আক্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। ইৰাণেও ইজৰাইলৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে। যদিও দেশখনে সদায় হিজবুল্লাহকে সমৰ্থন কৰি আহিছে।

যোৱা বছৰৰ অক্টোবৰ মাহত হামাছ উগ্ৰপন্থী সংগঠনটোৱে ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছৰে পৰা লেবাননৰ সীমান্তত হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত প্ৰায় প্ৰতিদিনে গুলীয়াগুলীৰ ঘটনা চলি আহিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd