• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ফেক্ট চেক ইউনিট’ক লৈ আদালতত মুখথেকেচা খালে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2024 1:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আদালতত মুখথেকেচা খালে। কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ‘ফেক্ট চেক ইউনিট’ (FCU) অসাংবিধানিক বুলি ৰায় দিছে বম্বে উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ অতুল চন্দুৰকাৰে কয় যে এই সংশোধিত নিয়ম সংবিধানৰ ১৪ আৰু ১৯ নং অনুচ্ছেদৰ পৰিপন্থী।

সংবাদ মাধ্যম বা ছ’চিয়েল মিডিয়াত চৰকাৰৰ বিৰুদ্ধে মিছা, অৰ্ধসত্য আৰু ভুৱা বাতৰি বা তথ্য ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ২০২৩ চনৰ এপ্ৰিল মাহত তথ্য প্ৰযুক্তি নিয়ম, ২০২১ সংশোধন কৰি এই ‘এফ চি ইউ’ গঠন কৰাৰ সিদ্ধান্ত লয়। মিছা, অৰ্ধসত্য, ভুৱা বা বিভ্ৰান্তিকৰ বাতৰি চিনাক্ত কৰি সেই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ দায়িত্ব দিয়া হৈছিল সংস্থাটোক। চৰকাৰৰ এই সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিছিল। বিভিন্ন মহলে আপত্তি কৰি কৈছিল যে এইদৰে চৰকাৰে ছ’চিয়েল মিডিয়াৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰিব বিচাৰিছে।

বিশিষ্ট কমেডিয়ান কুনাল কামৰাই চৰকাৰৰ এই সিদ্ধান্তত স্থগিতাদেশ বিচাৰি বম্বে উচ্চ ন্যায়ালয়ত গোচৰ তৰে। তেওঁৰ অনুৰোধ আছিল যে নতুন নিয়ম আদালতে বৈধতা প্ৰদান নকৰালৈকে এফ চি ইউ গঠন স্থগিত ৰাখিব লাগে। লগতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ে কয় যে ইউনিট গঠন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে দিয়া অধিসূচনা বোম্বাই উচ্চ ন্যায়ালয়ত গোচৰ নিষ্পত্তি নোহোৱালৈকে কাৰ্যকৰী কৰিব নোৱাৰিব।

Apply Now

লগতে পঢ়কঃ ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! ম্যানমাৰৰ পৰা মণিপুৰত অনুপ্ৰৱেশ ৯০০ উগ্ৰপন্থীৰ, সষ্টম সেনা

বম্বে উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে যোৱা জানুৱাৰী মাহত এই গোচৰৰ বিভাজিত ৰায় দিছিল। ন্যায়াধীশ গৌতম পেটেলে এই নিয়ম বাতিলৰ সপক্ষে ৰায় দিয়াৰ বিপৰীতে ন্যায়াধীশ নীলা গোখেলে এই নিয়মৰ সপক্ষে ৰায় দিয়ে। ন্যায়াধীশ পেটেলে কয়, এই নিয়ম চেঞ্চৰশ্বিপৰ সমান। অৱশ্যে ন্যায়াধীশ গোখেলে কয়, ইয়াৰ দ্বাৰা বাক স্বাধীনতাত কোনো বাধা আহিব নোৱাৰে। এই বিভাজনৰ বাবে গোচৰটো ‘টাইব্ৰেকাৰ’ ন্যায়াধীশৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰা হয়। ন্যায়াধীশ অতুল চন্দুৰকাৰে নতুন নিয়ম অসাংবিধানিক বুলি ৰায় দিয়ে।

ন্যায়াধীশ চন্দুৰকাৰে কয় যে নিয়মত থকা ‘মিছা, ভুৱা, বিভ্ৰান্তিকৰ’ শব্দবোৰ বিহংগম দৃষ্টিৰে আৱৰা। সেই শব্দবোৰৰ সংজ্ঞা দিয়া হোৱা নাই।

কুনাল কামৰা (৩৫) ভাৰতৰ প্ৰতিষ্ঠিত ‘ষ্টেণ্ডআপ কমেডিয়ান’। তেওঁৰ কৌতুকবোৰত চোকা ৰাজনৈতিক কটাক্ষৰ সৈতে মিহলি হৈ আছে। তাৰ বাবেই তেওঁ ক্ৰমান্বয়ে বিজেপি আৰু উগ্ৰ হিন্দুত্ববাদী সমৰ্থকৰ চকুৰ কূটা হৈ পৰে। ২০১৩ চনত তেওঁৰ এটা অনুষ্ঠানৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত উগ্ৰ হিন্দুত্ববাদীয়ে তেওঁক হত্যাৰ ভাবুকি দিছিল। নৰেন্দ্ৰ মোডীৰ কাৰ্যকালতে বহু ৰাজ্যত তেওঁৰ কাৰ্যসূচী বলপূৰ্বকভাৱে বন্ধ কৰি দিয়া হৈছিল।

লগতে পঢ়কঃ পোখৰাণত অনুশীলনৰ সময়ত মৰ্টাৰ ফাটি আহত ৩ সেনা জোৱান, কাশ্মীৰত বাছ খাৱৈত পৰি শ্বহীদ ৩ জন

২০২০ চনত সাংবাদিক অৰ্ণব গোস্বামী কুনালৰ সহযাত্ৰী আছিল ব্যক্তিগত বিমান সংস্থাৰ ইণ্ডিগ’ বিমানত। কুনালে তেওঁৰ সৈতে মুখামুখি বিতৰ্কত বহিবলৈ আহ্বান জনায়। যেতিয়া সেই ভিডিঅ’ ভাইৰেল হৈছিল, তেতিয়া বিমান সংস্থাটোৱে চৰকাৰী পদক্ষেপত তেওঁক ছমাহৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল। পিছদিনা চৰকাৰী এয়াৰ ইণ্ডিয়াই তেওঁক আজীৱন নিষেধাজ্ঞা আৰোপ কৰিছিল।

তদানীত্বন অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ পুৰীয়ে কৈছিল যে আন বিমান সংস্থাসমূহেও একে কাম কৰিব লাগে। সেই কথা শুনি ‘স্পাইচজেট’ আৰু ‘গ’ এয়াৰ’ইও একেই সিদ্ধান্ত লৈছিল। এই সন্দৰ্ভত বিতৰ্কই চৰম পৰ্যায়ত উঠিছিল। সেই কুনালে ‘এফ চি ইউ’ বাতিল কৰাই কেন্দ্ৰীয় চৰকাৰক শলঠেকত পেলালে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd