NORTHEAST NOW (Assamese)

দুই মহিলাসহ পাঁচ মাওবাদীক গুলীয়াই হত্যা আৰক্ষীৰ; ক’ত এই সাফল্য লাভ কৰিলে আৰক্ষীয়ে?

March 29, 2021 4:41 pm · এন ই নাও নিউজ
Updated: March 29, 2021 4:49 pm

আৰক্ষীৰ গুলীত নিহত হৈছে পাঁচগৰাকী মাওবাদী।

সোমবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আৰক্ষী আৰু মাওবাদীৰ মাজত হোৱা সংৰ্ঘষত আৰক্ষীত গুলীত নিহত হৈছে ২ গৰাকী মহিলাসহ ৫ গৰাকী মাওবাদী।

গাডীচিৰ’লী আৰক্ষী ডিআইজি সন্দীপ পাটিলে প্ৰকাশ কৰা অনুসৰি মহাৰাষ্ট্ৰৰ গাডীচিৰ’লীৰ কুৰ্খেডা আৰক্ষী চকীৰ অন্তৰ্গত মালেৱাডাৰত যোৱা শনিবাৰে পৃথকে পৃথকে চলোৱা আৰক্ষীৰ দুটা অভিযানত পাঁচগৰাকী মাওবাদীৰ নিহত হৈছে।

অতিৰিক্ত আৰক্ষী অধীক্ষক মানীষ কালৱানিয়াৰ নেতৃত্বত যোৱা চি-৬০ৰ জোৱানে খাব্ৰেমেন্ধা হেটালাক্সাৰ অৰণ্যাঞ্চলত মাওবাদীৰ বিৰুদ্ধে দুটা অভিযান চলাইছিল।

উক্ত অভিযানৰ সম্ভেদ লাভ কৰি মাওবাদীৰ দলে অভিযানকাৰীৰ দললৈ লক্ষ্য কৰি প্ৰথমে গুলীবৰ্ষণ কৰে। আৰক্ষীয়েও ইয়াৰ প্ৰত্যুত্তৰত মাওবাদীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত ৫ গৰাকী মাওবাদী নিহত হোৱা বুলি প্ৰকাশ কৰিছে ডিআইউজি সন্দীপ পাটিলে।

আৰক্ষীয়ে গভীৰ অৰণ্যত চলোৱা দুটা পৃথক অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ আপত্তিজনক নথি পত্ৰও জব্দ কৰিছে।

Related News