মেঘালয়ৰ হানিমুন হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত সোণমে তদন্তকাৰীক বিপথে পৰিচালিত কৰিলে কি হ’ব, ভাড়াতীয়া হত্যাকাৰীয়ে এটা এটাকৈ সকলো ফাদিল কৰি দিছে।
মেঘালয় আৰক্ষীৰ তদন্তকাৰীৰ এটা দলে এতিয়া ইন্দোৰ আৰক্ষী আয়ুক্তালয়ত বহি ৰাজ কুশৱাহা, বিশাল চৌহান আৰু আকাশ ৰাজপুতক অবিৰতভাৱে জেৰা কৰি আছে। সোমবাৰে নিশা গাজীপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশে তিনিওজনক ৭ দিনৰ ট্ৰেনজিট ৰিমাণ্ডত মেঘালয়লৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।
মেঘালয় আৰক্ষীৰ তদন্তকাৰীয়ে নিশাই তিনিওজনক লৈ গৈছিল ইন্দোৰলৈ। তিনিওজনৰ ভিতৰত আছে সোণমৰ প্ৰাক্তন প্ৰেমিক ৰাজ কুশৱাহাৰ লগতে বিশাল চৌহান আৰু আকাশ ৰাজপুত নামৰ দুজন ভাড়াতীয়া হত্যাকাৰী।
আৰক্ষীয়ে দাবী কৰে যে সোণম আৰু ৰাজাৰ বিয়া হৈছিল ১১ মে’ত। কিন্তু তেওঁলোকৰ এংগেজমেণ্ট ১১ ফেব্ৰুৱাৰীত ঠিক কৰা হৈছিল। তাৰ পিছৰে পৰা ৰাজাক হত্যা কৰাৰ পৰিকল্পনা আৰম্ভ হৈছিল। ৰাজা ৰঘুবংশীক ডকাইতি বা অপহৰণৰ ভুৱা কাণ্ড সজাই হত্যাৰ পৰিকল্পনা কৰা হৈছিল।
মেঘালয়ৰ এজন আৰক্ষী বিষয়াই দাবী কৰে যে জেৰাৰ সময়ত ৰাজে কয় যে সোণমে তেওঁক কৈছিল যে যদি ৰাজাক হত্যা কৰা হয় তেন্তে তেওঁ বিধৱা হ’ব। তেতিয়া ৰাজক বিয়া কৰাবলৈ তাইৰ কোনো অসুবিধা নহ’ব। ৰাজক বুজাই দিয়া হৈছিল যে যদি কোনোবাই তেওঁৰ বিধৱা কন্যাক বিয়া কৰাবলৈ মান্তি হয় তেন্তে সোণমৰ পিতৃ দেৱী সিঙৰ কোনো বিশেষ আপত্তি নাথাকিব।
বিয়াৰ পাঁচদিন পিছত ১৬ মে’ত ৰাজাক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰা হয়। ইয়াৰ মাজতে মেঘালয়ত হানিমুনৰ পৰিকল্পনা কৰি সোণমে ৰাজাক পতিয়ন নিয়াইছিল।
ৰাজা আৰু সোণম শ্বিলঙলৈ যোৱাৰ লগে লগে ভাড়াতীয়া হত্যাকাৰী তিনিজনো পৰিকল্পনা অনুসৰি গুৱাহাটীলৈ ৰাওনা হয়। গুৱাহাটী পোৱাৰ লগে লগে অনলাইনত দা কিনিলে। সেই দা-ৰেই ৰাজাক হত্যা কৰা হ’ল। সোণম আৰু ৰাজা শিলচৰ পাওঁতে সিহঁতেও শ্বিলং পালেগৈ আৰু সোণম আৰু ৰাজা থকা হোটেলখনৰ পৰা এক কিলোমিটাৰ দূৰৈৰ হোটেল এখনত থাকিবলৈ লয়।
মেঘালয় আৰক্ষীৰ তদন্তৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, ফটো শ্বুটৰ অজুহাতত সোণমে স্বামী ৰাজাক কোৰ্ছা অঞ্চললৈ লৈ যায়। পাহাৰীয়া বাট এটাত খোজ কাঢ়ি গৈ বৰ ভাগৰুৱা হোৱাৰ ভাও ধৰে সোণমে।
তাই ৰাজাৰ পিছফালে লাহে লাহে খোজ কাঢ়িবলৈ ধৰিলে। সেই সময়ত ভাড়াতীয়া হত্যাকাৰী তিনিজনেও ৰাজাৰ কাষে কাষে খোজ কাঢ়ি গৈ আছিল। এটা সময়ত ভাড়াতীয়া হত্যাকাৰী তিনিজন পাহাৰ বগাই থাকোঁতে সঁচাকৈয়ে ভাগৰি পৰিল। সিহঁতে সোণমক সিহঁতক এৰি দিবলৈ ক’লে। বহি পৰি তেওঁলোকে এইটোও ক’লে যে তেওঁলোকে ৰাজাক মাৰিব নোৱাৰে।
মেঘালয় আৰক্ষীৰ দাবী, সোণমৰ লগত ৰাজাৰ টকাৰ বেগটো আছিল। সোণমে লগে লগে ৰাজাৰ বেগৰ পৰা ১৫ হাজাৰ টকা উলিয়াই তিনিজনক দিলে। সোণমে তিনিওজনক ক’লে যে তেওঁলোকেই হত্যাকাণ্ডটো কৰিব লাগিব। তাই প্ৰতিশ্ৰুতি দিছিল যে হত্যাকাণ্ডৰ পিছত ২০ লাখ টকা দিব।
যোৱা শনিবাৰে মেঘালয় আৰক্ষীয়ে এটা চিচিটিভি ফুটেজ লাভ কৰিছিল। ইয়াত দেখা গৈছে যে সোণম ৰাজাৰ পৰা কিছু দূৰৈত থিয় হৈ কাৰোবাৰ লগত মোবাইল ফোনত কথা পাতি আছে। সেই ফুটেজৰ সময় আৰু তাৰিখ চাই আৰক্ষীয়ে সোণমৰ ফোনটোৰ কল ডিটেইল সংগ্ৰহ কৰিছিল। দেখা যায় যে সোণমে ইন্দোৰলৈ ফোন কৰি আছিল। ইয়াৰ পিছত আৰক্ষীয়ে আৰু বিশেষ কষ্ট কৰিব নালাগিল।