• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘২০ লাখ টকাৰ বিনিময়ত ৰাজাক হত্যাৰ নিৰ্দেশ, আততায়ীয়ে গুৱাহাটীত অনলাইনত কিনিছিল দা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2025 2:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ হানিমুন হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত সোণমে তদন্তকাৰীক বিপথে পৰিচালিত কৰিলে কি হ’ব, ভাড়াতীয়া হত্যাকাৰীয়ে এটা এটাকৈ সকলো ফাদিল কৰি দিছে।

মেঘালয় আৰক্ষীৰ তদন্তকাৰীৰ এটা দলে এতিয়া ইন্দোৰ আৰক্ষী আয়ুক্তালয়ত বহি ৰাজ কুশৱাহা, বিশাল চৌহান আৰু আকাশ ৰাজপুতক অবিৰতভাৱে জেৰা কৰি আছে। সোমবাৰে নিশা গাজীপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশে তিনিওজনক ৭ দিনৰ ট্ৰেনজিট ৰিমাণ্ডত মেঘালয়লৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

Apply Now

মেঘালয় আৰক্ষীৰ তদন্তকাৰীয়ে নিশাই তিনিওজনক লৈ গৈছিল ইন্দোৰলৈ। তিনিওজনৰ ভিতৰত আছে সোণমৰ প্ৰাক্তন প্ৰেমিক ৰাজ কুশৱাহাৰ লগতে বিশাল চৌহান আৰু আকাশ ৰাজপুত নামৰ দুজন ভাড়াতীয়া হত্যাকাৰী।

আৰক্ষীয়ে দাবী কৰে যে সোণম আৰু ৰাজাৰ বিয়া হৈছিল ১১ মে’ত। কিন্তু তেওঁলোকৰ এংগেজমেণ্ট ১১ ফেব্ৰুৱাৰীত ঠিক কৰা হৈছিল। তাৰ পিছৰে পৰা ৰাজাক হত্যা কৰাৰ পৰিকল্পনা আৰম্ভ হৈছিল। ৰাজা ৰঘুবংশীক ডকাইতি বা অপহৰণৰ ভুৱা কাণ্ড সজাই হত্যাৰ পৰিকল্পনা কৰা হৈছিল।

মেঘালয়ৰ এজন আৰক্ষী বিষয়াই দাবী কৰে যে জেৰাৰ সময়ত ৰাজে কয় যে সোণমে তেওঁক কৈছিল যে যদি ৰাজাক হত্যা কৰা হয় তেন্তে তেওঁ বিধৱা হ’ব। তেতিয়া ৰাজক বিয়া কৰাবলৈ তাইৰ কোনো অসুবিধা নহ’ব। ৰাজক বুজাই দিয়া হৈছিল যে যদি কোনোবাই তেওঁৰ বিধৱা কন্যাক বিয়া কৰাবলৈ মান্তি হয় তেন্তে সোণমৰ পিতৃ দেৱী সিঙৰ কোনো বিশেষ আপত্তি নাথাকিব।

বিয়াৰ পাঁচদিন পিছত ১৬ মে’ত ৰাজাক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰা হয়। ইয়াৰ মাজতে মেঘালয়ত হানিমুনৰ পৰিকল্পনা কৰি সোণমে ৰাজাক পতিয়ন নিয়াইছিল।

ৰাজা আৰু সোণম শ্বিলঙলৈ যোৱাৰ লগে লগে ভাড়াতীয়া হত্যাকাৰী তিনিজনো পৰিকল্পনা অনুসৰি গুৱাহাটীলৈ ৰাওনা হয়। গুৱাহাটী পোৱাৰ লগে লগে অনলাইনত দা কিনিলে। সেই দা-ৰেই ৰাজাক হত্যা কৰা হ’ল। সোণম আৰু ৰাজা শিলচৰ পাওঁতে সিহঁতেও শ্বিলং পালেগৈ আৰু সোণম আৰু ৰাজা থকা হোটেলখনৰ পৰা এক কিলোমিটাৰ দূৰৈৰ হোটেল এখনত থাকিবলৈ লয়।

মেঘালয় আৰক্ষীৰ তদন্তৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, ফটো শ্বুটৰ অজুহাতত সোণমে স্বামী ৰাজাক কোৰ্ছা অঞ্চললৈ লৈ যায়। পাহাৰীয়া বাট এটাত খোজ কাঢ়ি গৈ বৰ ভাগৰুৱা হোৱাৰ ভাও ধৰে সোণমে।

তাই ৰাজাৰ পিছফালে লাহে লাহে খোজ কাঢ়িবলৈ ধৰিলে। সেই সময়ত ভাড়াতীয়া হত্যাকাৰী তিনিজনেও ৰাজাৰ কাষে কাষে খোজ কাঢ়ি গৈ আছিল। এটা সময়ত ভাড়াতীয়া হত্যাকাৰী তিনিজন পাহাৰ বগাই থাকোঁতে সঁচাকৈয়ে ভাগৰি পৰিল। সিহঁতে সোণমক সিহঁতক এৰি দিবলৈ ক’লে। বহি পৰি তেওঁলোকে এইটোও ক’লে যে তেওঁলোকে ৰাজাক মাৰিব নোৱাৰে।

মেঘালয় আৰক্ষীৰ দাবী, সোণমৰ লগত ৰাজাৰ টকাৰ বেগটো আছিল। সোণমে লগে লগে ৰাজাৰ বেগৰ পৰা ১৫ হাজাৰ টকা উলিয়াই তিনিজনক দিলে। সোণমে তিনিওজনক ক’লে যে তেওঁলোকেই হত্যাকাণ্ডটো কৰিব লাগিব। তাই প্ৰতিশ্ৰুতি দিছিল যে হত্যাকাণ্ডৰ পিছত ২০ লাখ টকা দিব।

যোৱা শনিবাৰে মেঘালয় আৰক্ষীয়ে এটা চিচিটিভি ফুটেজ লাভ কৰিছিল। ইয়াত দেখা গৈছে যে সোণম ৰাজাৰ পৰা কিছু দূৰৈত থিয় হৈ কাৰোবাৰ লগত মোবাইল ফোনত কথা পাতি আছে। সেই ফুটেজৰ সময় আৰু তাৰিখ চাই আৰক্ষীয়ে সোণমৰ ফোনটোৰ কল ডিটেইল সংগ্ৰহ কৰিছিল। দেখা যায় যে সোণমে ইন্দোৰলৈ ফোন কৰি আছিল। ইয়াৰ পিছত আৰক্ষীয়ে আৰু বিশেষ কষ্ট কৰিব নালাগিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd