নৰেন্দ্ৰ মোডী চৰকাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক (ডিলিমিটেশ্যন বিল)সমৰ্থন কৰাৰ বিনিময়ত শাৰদ পাৱাৰৰ দলে এতিয়া কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দাবী কৰিছে! কেৱল সেয়াই নহয়, মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্বও দাবী কৰিছে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি (শাৰদ পাৱাৰ) বা এন চি পি (এছ পি)য়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত দলৰ কাৰ্যকৰী সভাপতি তথা শাৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া চুলেক কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ দাবী উত্থাপন হৈছে। ইয়াৰ সমান্তৰালকৈ মহাৰাষ্ট্ৰত বিত্ত মন্ত্ৰালয়কে ধৰি দুজন কেবিনেট মন্ত্ৰী আৰু দুজন ৰাজ্য মন্ত্ৰীৰ দাবী জনাইছে দলটোৱে।
এনডিটিভিৰ এক বিশেষ প্ৰতিবেদন অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক সমৰ্থন কৰি কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ইণ্ডিয়া মিত্ৰজোঁট এৰি বিজেপি নেতৃত্বাধীন এনডিএত যোগদান কৰাৰ সম্ভাৱনাক কেন্দ্ৰ কৰি এই দৰদাম চলি আছে। অৱশ্যে এই চুক্তি চূড়ান্ত হোৱা বুলি এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
এনডিটিভিৰ তথ্য অনুসৰি শাৰদ পাৱাৰৰ দলে কেন্দ্ৰীয় কেবিনেটত সুপ্ৰিয়া চুলেৰ বাবে কেবিনেট মন্ত্ৰী পদ বিচাৰিছে। এন চি পি (এছ পি)য়েও মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বাধীন মহাযুতি চৰকাৰত যোগদান কৰিবলৈ আগ্ৰহী। সম্প্ৰতি সেই চৰকাৰত অজিত পাৱাৰৰ নেতৃত্বত এন চি পিৰ আন এটা ফৈদ আছে। এই পৰিস্থিতিত একেটা পৰিয়ালৰ ৰাজনৈতিক শিবিৰ দুটাৰ মাজত নতুনকৈ ক্ষমতাৰ সমীকৰণৰ সম্ভাৱনা আছে।
সূত্ৰই দাবী কৰিছে যে দলৰ জ্যেষ্ঠ নেতা জয়ন্ত পাটিলক মহাৰাষ্ট্ৰৰ বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব দিয়াৰ প্ৰস্তাৱ আছে। জিতেন্দ্ৰ আৱহাদে হয়তো আৰু এটা কেবিনেট মন্ত্ৰী পদ পাব। ইয়াৰ সমান্তৰালকৈ দুজন ৰাজ্যিক মন্ত্ৰীৰ পদতো দলৰ আন বিধায়কসকলৰ বাবে ঠাই দিয়াৰ দাবী উত্থাপন কৰা হৈছে।
এই ৰাজনৈতিক সমীকৰণত এন চি পি (এছ পি)ৰ আঠজন লোকসভা সাংসদ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে। ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব লোকসভাৰ বিশেষ অধিৱেশন। ২ ডিচেম্বৰৰ পৰা ৰাজ্যসভাৰ বৈঠক অনুষ্ঠিত হ’ব। যোৱা এপ্ৰিল মাহত প্ৰয়োজনীয় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ অভাৱত কেন্দ্ৰই সাংবিধানিক সংশোধনী বিধেয়কখন গৃহীত কৰিব পৰা নাছিল। এইবাৰ পাৱাৰৰ দলৰ আঠজন সাংসদৰ সমৰ্থন চৰকাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে।
উল্লেখযোগ্য যে ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক সন্দৰ্ভত পাৱাৰৰ দলে নিজৰ স্থিতি সলনি কৰিছে। প্ৰতিখন ৰাজ্যৰ লোকসভাৰ আসন সমান অনুপাতে ৫০ শতাংশ বৃদ্ধি কৰিলে তেওঁলোকে বিধেয়কখন সমৰ্থন কৰিব বুলি মন্তব্য কৰিছে দলৰ নেতা জিতেন্দ্ৰ আৱহাদে। একে সময়তে আগন্তুক ২৫ বছৰলৈ ৰাজ্যসমূহৰ আপেক্ষিক প্ৰতিনিধিত্ব অপৰিৱৰ্তিত ৰখাৰ দাবী জনাইছে। কিন্তু কংগ্ৰেছকে ধৰি বিৰোধী মিত্ৰজোঁটৰ কেইবাজনো সদস্যই এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। ফলত পাৱাৰৰ এই স্থিতিয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ ঐক্যতো ডাঙৰ আঘাত হানিব পাৰে।
ইফালে শাৰদ পাৱাৰৰ স্থিতিক লৈ কংগ্ৰেছত ক্ৰমান্বয়ে অস্বস্তি পৰিলক্ষিত হৈছে। এনডিটিভিৰ দাবী যে দলৰ ভিতৰত বিভাজন নহ’বলৈ পাৱাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ কংগ্ৰেছ নেতৃত্বকো ফোন কৰি নিজৰ স্থিতি ব্যাখ্যা কৰে। বিৰোধী শিবিৰৰ কেইবাটাও কাৰ্যসূচীত আগৰণুৱা সুপ্ৰিয়া চুলেৰ এইবাৰ ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত অনুপস্থিত হোৱাৰ সিদ্ধান্তই ৰাজনৈতিক জল্পনা-কল্পনাও বৃদ্ধি কৰিছে। অৱশ্যে পিতৃৰ অসুস্থতাৰ বাবে তেওঁ দিল্লীত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকিব নোৱাৰিব বুলি কয়।
প্ৰসংগক্ৰমে শাৰদ পাৱাৰৰ দলৰ মহাৰাষ্ট্ৰত মাত্ৰ ১০ জন বিধায়ক আছে। সেয়ে সুপ্ৰিয়া চুলেক মুখ্যমন্ত্ৰী কৰাৰ জল্পনা-কল্পনাক নুই কৰিছে দলটোৱে। বৰঞ্চ কেন্দ্ৰীয় মন্ত্ৰীসভা আৰু ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ত স্থান পোৱাটোৱেই তেওঁলোকৰ অগ্ৰাধিকাৰ বুলি সূত্ৰই দাবী কৰিছে।
মুঠতে সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ বিৰোধী মিত্ৰজোঁটৰ ভিতৰত এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। এফালে ৰাহুল গান্ধীয়ে বিধেয়কখনৰ বিৰোধিতা কৰাত অটল, আনফালে শাৰদ পাৱাৰৰ দলে সমৰ্থন ঘোষণা কৰিছে। সেই সমৰ্থনৰ বিনিময়ত কেন্দ্ৰ আৰু মহাৰাষ্ট্ৰৰ ক্ষমতা ভাগ-বতৰাৰ দৰদাম কিমান দূৰ আগবাঢ়িছে, সেইপিনেই এতিয়া ৰাজনৈতিক মহলে দৃষ্টি ৰাখিছে। সঁচাকৈ পাৱাৰে বিৰোধী শিবিৰ এৰি মোডী চৰকাৰৰ লগত হাত মিলাব নে শেষ মুহূৰ্তত সমীকৰণ সলনি হ’ব? ইয়াৰ উত্তৰ হয়তো সংসদৰ বিশেষ অধিৱেশনত পোৱা যাব।


