NORTHEAST NOW (Assamese)

বোকাখাতত আৰক্ষীৰ অভিযান: গঁড়ৰ খৰ্গৰে সৈতে আটক দুই চোৰাং ব্যৱসায়ী

August 30, 2022 9:00 pm · উত্তম শইকীয়া, বোকাখাত

বোকাখাত আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত আজি গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত দুজন ব্যক্তিক আটক কৰে৷ এক গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযান কালত বোকাখাত আৰক্ষীয়ে বোকাখাতৰে চিপাহী গাওঁৰ নিজৰ বাসগৃহৰ পৰা ভক্ত বাহাদুৰ থাপা নামৰ এজন লোকক প্ৰথমে আটক কৰে৷

ধৃত লোকজনৰ ঘৰত চলোৱা তালাচীৰ সময়ত অভিযানকাৰী আৰক্ষীৰ দলে এটা মোনাত ভৰাই লুকুৱাই থোৱা এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে৷

পৰৱৰ্তী সময়ত ধৃত ভক্ত বাহাদুৰ থাপাৰ স্বীকাৰোক্তিৰ আধাৰত বোকাখাত আৰক্ষীয়ে অভিযান চলাই বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ সমীপৰ পৰা বোকাখাত আমটেঙা গাওঁ নিৱাসী বোধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তেক গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়়িত থকাৰ অপৰাধত আটক কৰে৷

ধৃত ভক্ত বাহাদুৰ থাপা কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰৰ সৈতে পুৰ্বৰ পৰাই জড়িত বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা নিয়ন্ত্ৰিত হোৱা বুলি চৰকাৰে দাবী কৰি অহাৰ সময়ত গঁড়ৰ খৰ্গ উদ্ধাৰ অতিকে তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷

বোকাখাত আৰক্ষীয়ে আজি আটক কৰা ব্যক্তি দুজনে কাজিৰঙাত গঁড় হত্যা কৰি খৰ্গ সংগ্ৰহ কৰিছিলনে নাই এতিয়াও জানিব পৰা হোৱা নাই যদিও অধিক তথ্যৰ বাবে ধৃত লোক দুজনৰ জেৰা অব্যাহত ৰাখিছে বোকাখাত আৰক্ষীয়ে৷

ইফালে ফৰেনচিক গৱেষণাৰ তথ্যৰ পিছতহে উদ্ধাৰ হোৱা গঁড়ৰ খৰ্গটো আচল নে নকল জানিব পৰা যাব বুলি বন বিভাগে জানিবলৈ দিছে।

Related News