NORTHEAST NOW (Assamese)

৩ শ্ৰমিকৰ মৃত্যুৰ পিছত তিনিচুকীয়াৰ কয়লা ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ ২.৯৯ কোটি টকা

May 28, 2024 4:02 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মাৰ্ঘেৰিটা আৰক্ষীয়ে কয়লা ব্যৱসায়ী ৰণ লুংছাঙৰ ঘৰত অভিযান চলাই ২.৯৯ কোটি টকা উদ্ধাৰ কৰে।

অবৈধ কয়লা ব্যৱসায়ত জড়িত থকাৰ সন্দৰ্ভত গোপন তথ্য লাভ কৰাৰ পিছত মাৰ্ঘেৰিটা থানাৰ আৰক্ষীৰ এটা দলে অভিযান আৰম্ভ কৰি ৰণ লুংছাঙৰ বাসগৃহৰ পৰা ২.৯৯ কোটি টকা উদ্ধাৰ কৰে।

লিডু টিকক পশ্চিম খনিৰ অবৈধ কয়লা খনিত জীৱন্তে কবৰস্থ হোৱা ৩ তিনি কয়লা শ্ৰমিকৰ মৃত্যুত ব্যৱসায়ীজন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইফালে আৰক্ষীয়ে ৰণ লুংছাঙক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।

সূত্ৰই জনোৱা মতে, ৰণ লুংছাঙে পাটকাই পাহাৰত বহু আবৈধ কয়লা খনি চলাই আহিছে আৰু দৰিদ্ৰ শ্ৰমিকক অবৈধ কয়লা খনিত কাম কৰিবলৈ নিয়োগ কৰি আহিছে।

উল্লেখ্য যে দেওবাৰেন পুৱা ১২.৩০ বজাত কয়লা খনিত কয়লা নিষ্কাষণৰ কাম কৰি থকাৰ সময়ত জীৱন্তে ভূগৰ্ভস্থ হৈছিল শ্ৰমিক কেইজন।

এতিয়ালৈকে শ্ৰমিক কেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। শ্ৰমিক কেইজনৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈ পৰিছে প্ৰত্যক্ষদৰ্শীয়ে।

Related News