• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জংঘলৰাজ! উজনিত অবৈধ কয়লা খনিত আকৌ মৃত্যু ৩ শ্ৰমিকৰ, কাণষাৰ নাই চৰকাৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 26, 2024 2:46 pm
6.4k
VIEWS
Share on FacebookShare on Twitter

ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদি কেইবাটাও জাতীয় দল-সংগঠনে বাৰম্বাৰ অভিযোগ আৰু প্ৰমাণ দি অহাৰ পিছতো বন্ধ হোৱা নাই উজনি অসমত চলি থকা অবৈধ কয়লাৰ ৰেডহল মাইনিং।

দেওবাৰে তিনিচুকীয়া জিলাৰ পাটকাই পাহাৰৰ এটা অবৈধ কয়লা খনিত হোৱা ভূমিস্খলনৰ ফলত জীৱন্তে সমাধিস্থ হয় তিনিজনকৈ শ্ৰমিক।

লিডুৰ টিকক কলিয়াৰীৰ অন্তৰ্গত বৰগোলাই আৰু নামদাঙৰ মাজত অৱস্থিত টিকক পশ্চিম খনিত নিশা প্ৰায় ১২:৩০ বজাত সংঘটিত হয় এই ঘটনা।

ভূমিস্খলনত আৱদ্ধ হৈ থকা শ্ৰমিক তিনিজনৰ দুজন মেঘালয়ৰ আৰু এজন নেপালৰ বুলি জানিব পৰা গৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, অবৈধ কয়লা খনিৰ পৰা কয়লা উলিয়াই অনা কামত নিয়োজিত হৈ আছিল চাৰি কয়লা শ্ৰমিক।

তেওঁলোকৰ তিনিজনে কয়লা কঢ়িয়াবলৈ খনিটোত প্ৰৱেশ কৰিছিল, আনহাতে চতুৰ্থজন শ্ৰমিকে পৰিবহণত সহায় কৰি আছিল। হঠাৎ ভূমিস্খলনৰ ফলত তিনি শ্রমিক খনিৰ ভিতৰত আবদ্ধ হৈ পৰে৷ এই কাণ্ডত তেওঁলোকৰ মৃত্যু হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

ইতিমধ্যে শ্ৰমিক কেইজনক খনিটোৰ পৰা উদ্ধাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে অসমৰ অবৈধ কয়লা খনিত শ্ৰমিক মৃত্যু হোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও অসমৰ বিভিন্ন খনিত শ্ৰমিকৰ মৃত্যু হৈছে।

ইয়াৰ পূৰ্বে অসমৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ আৰু জাতীয় সংগঠনৰ অভিযোগ অনুসৰি উজনি অসমত চলি থকা অবৈধ কয়লা মাফিয়াক ৰক্ষণা বেক্ষণ দি আহিছে বিজেপি চৰকাৰে। কয়লা চিণ্ডিকেটৰ লগত বিজেপি নেতা জড়িত হৈ আছে বুলি বৃহৎ অভিযোগ উত্থাপন কৰি আহিছে জাতীয় সংগঠন সমূহে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd