NORTHEAST NOW (Assamese)

আৰক্ষীৰ অভিযানত গঁড় হত্যাত ব্যৱহৃত ৩০৩ ৰাইফল আৰু ১০জাঁই সজীৱ গুলী উদ্ধাৰ

July 11, 2020 8:41 am · উত্তম শইকীয়া
ফটো: নৰ্থইষ্ট নাও

অগৰাতলিত ৯ মে’ ৰ বিয়লি ডোৰামাৰী বিলৰ পাৰত উদ্ধাৰ হৈছিল এটা খৰ্গ বিহীন মতা গঁড়ৰ মৃতদেহ ৷ ঘটনাস্থলীত বনকৰ্মীয়ে উদ্ধাৰ কৰিছিল এ কে ৪৭ ৰাইফলৰ ৮ জাঁই ব্যৱহৃত গুলী ৷

ইয়াৰ পাচতেই কাৰ্বি আংলং জিলা আৰু গোলাঘাট জিলা আৰক্ষীৰ এলানি অভিযানত এই গঁড় হত্যাত জড়িত ৬ জনকৈ দুধৰ্ষ চোৰাংচিকাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰাৰ লগতে কেতবোৰ অস্ত্ৰ শস্ত্ৰও উদ্ধাৰ কৰিছিল ৷

ধৃত চোৰাংচিকাৰীৰ অন্যতম চিনজাচন ভাল্টেক বোকাখাতৰ আৰক্ষীয়ে মণিপুৰৰ চুড়াচান্দপুৰৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিল ৷

ধৃত এই দলটোৰ আন এজন সদস্য আছিল নগাওঁ চামগুৰিৰ চাইমন লৰকা ৷

চিনজাচন ভাল্টে এজন অতি দুধৰ্ষ চিকাৰী আৰু কাজিৰঙাৰ বহু গঁড় হত্যাত জড়িত থকাৰ বিপৰীতে চাইমন লাৰকাই চোৰাংচিকাৰীৰ দলটোত স্থানীয় প্ৰতিনিধি হিচাবে ৰেচন যোগান,পথ নিৰ্দেশনা আৰু অস্ত্ৰ শস্ত্ৰ সংগোপনে ৰখাৰ দায়িত্ব পালন কৰিছিল ৷

চাইমন লাৰকা আৰু চিনজাচন ভাল্টে দিয়া স্বীকাৰোক্তিৰ আধাৰতে যোৱা নিশা চলোৱা এক অভিযানত বোকাখাত আৰক্ষীৰ দলে এটা ৩০৩ ৰাইফল, এটা মেগজিন আৰু ১০ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ হালধিবাৰী বনশিবিৰ এলেকাৰ সমীপৰ এখন চেগুন বাগানত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে গঁড় হত্যাত ব্যৱহৃত এই মাৰণাস্ত্ৰ।

গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এছ পানেশ্বৰৰ তত্বাৱধানত  বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা আৰু কহঁৰা আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত বিষয়া দেৱেন বৰাৰ নেতৃত্ব এই অভিযান চলোৱা হয়।

Related News