NORTHEAST NOW (Assamese)

শ্ৰীৰামপুৰত বৃহৎ পৰিমানৰ গাঞ্জা ভৰ্তি ট্ৰাক জব্দ; ট্ৰাকৰ চালক-খালাচীক আটক

July 25, 2022 11:42 am · ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
ফটো: নৰ্থইষ্ট নাও।

কোকৰাঝাৰ জিলাৰ গোসাইগাঁ‌ও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে দেওবাৰে বিয়লি অভিযান চলাই গাঞ্জা ভৰ্তি এখন ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাকৰ চালক আৰু খালাচীক আটক কৰে।

গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শ্ৰীৰামপুৰত ৩১ নম্বৰ “গ” ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচী চলাই HR55 R 5137 নম্বৰৰ এখন কন্টেইনাৰ ট্ৰাক জব্দ কৰে।

আটকাধীন কন্টেইনাৰ বাহনখনক শিমুলটাপু আৰক্ষী চকীত আনি তালাচী চলাই ট্ৰাকখনত বিশেষ পদ্ধতিৰে লুকুৱাই অনা বৃহৎ পৰিমাণৰ গাঞ্জা থকা বুলি প্ৰত্যক্ষ কৰে।

ট্ৰাকখনৰ পৰা মুঠ ৭২ পেকেট (৮১৫ কিলোগ্ৰাম) গাঞ্জা উদ্ধাৰ কৰি গাঞ্জাখিনি জব্দ কৰা হয় আৰু ট্ৰাক চালক বিহাৰ নিবাসী ৰাম বিশ্বাস আৰু পিন্টু মিশ্ৰক আটক কৰি আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে।

জব্দ কৃত গাঞ্জাৰ বজাৰ মূল্য এক কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

Related News