দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ক্ষণত কেইবা লক্ষাধিক টকা জব্দ আৰক্ষীৰ

7433569e

প্ৰতিনিধিত্বমূলক ফটো

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত সোমবাৰে নিশাৰ ভাগত অসম আৰক্ষীয়ে ৰাজ্যখনৰ কেবাটাও স্থানৰ পৰা কেইবা লক্ষাধিক টকা জব্দ কৰিবলৈ সক্ষম হয়। নিৰ্বাচনত ভোটাৰক প্ৰলোভিত কৰি ভোট আদায়ৰ চেষ্টা চলোৱাৰ বাবে এই ধনসমূহ বিতৰণ কৰিবলৈকে অনাৰ সন্দেহ কৰা হৈছে।

আৰক্ষীৰ এটা দল তথা ফ্লায়িং স্কোৱাডে হোজাইত এক অভিযানত এগৰাকী ব্যক্তিৰ জিম্মাৰ পৰা নগদ ৬ লাখ টকা জব্দ কৰে। টকা খিনি জব্দ কৰা কামালুদ্দিন নামৰ ব্যক্তিজনে উক্ত নগদ ধনখিনিৰ বিপৰীতে কোনো বৈধ নথি দেখুৱাব নোৱাৰিলে। আৰক্ষীয়ে নগদ ধনখিনি জব্দ কৰি লৈ আনি সংশ্লিষ্ট কৰ্তৃপক্ষক চমজাই দিয়ে।

আনহাতে, ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁৱৰ হোটেল টেন ইলেভেনৰ পৰা নগদ ১৮ লাখ ৯৪ হাজাৰ টকা জব্দ কৰে। তদুপৰি, আৰক্ষীয়ে হোটেলৰ কোঠাটোৰ পৰা নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ছবি সম্বলিত বেজ উদ্ধাৰ কৰা বুলি দাবী কৰে।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ৩জন লোকক আটক কৰিছে।আৰক্ষীৰ হাতত আটক হোৱা লোক তিনিজনৰ ভিতৰত এজন নগাঁৱৰ ফৌজদাৰীপট্টিৰ জিতেন গোস্বামী, এজন তিনিচুকীয়াৰ ছাকিল আহমেদ আৰু আনজন গুৱাহাটীৰ অৰিন্দম কাকতি বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, হোটেলখনৰ কোঠাটো নৱ তালুকদাৰ নামৰ এজন ব্যক্তিৰ নামত বুকিং কৰা আছিল।