বন বিষয়া আৰু চোৰাং কাঠ বেপাৰীৰ মিতিৰালী! চাপৰত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ চোৰাং কাঠ

যোৱা ১২ জুনত চাপৰ আৰক্ষীয়ে আই ভেলী বন সংমণ্ডলৰ ( ধুবুৰী জিলা) বহলপুৰ বনাঞ্চলৰ অন্তৰ্গত চাপৰৰ ৰৌমাৰীৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ পিছত শেহতীয়াকৈ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰীৰ পাহাৰতলী গাঁৱৰ হাৰেজ আলী নামৰ কাঠৰ বেপাৰী এজনৰ ঘৰৰ পৰা শাল, চেগুন আদিকে ধৰি বহু মূল্যবান চোৰাং কাঠ জব্দ কৰে।

উল্লেখযোগ্য যে বহলপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত একাংশ বিষয়া-কৰ্মচাৰীৰ সৈতে চাপৰৰ চোৰাং কাঠৰ বেপাৰীসকলৰ লগত গোপন বুজা বুজি থকা বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। পৰিণতিত চোৰাং কাঠৰ ব্যৱসায়ী সকলে কোনো বাধা নোহোৱাকৈ ব্যৱসায় অবাধ ভাৱে চলাই আছে ।

চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিয়ে ফলিমাৰীৰ পাহাৰতলিৰ হাৰেজ আলীয়ে নিজৰ ঘৰত চোৰাং কাঠ মজুত কৰি ৰখাৰ খবৰ লাভ কৰি চাপৰ থানাৰ উপ – পৰিদৰ্শকদ্বয় দ্বিজেন্দ্ৰ মেধি আৰু ঘণকান্ত দেউৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটাক যোৱা নিশা প্ৰায় ১১ বজাত ফলিমাৰিলৈ প্ৰেৰণ কৰে। অভিযানকাৰী আৰক্ষীৰ দলটোৱে কাঠ বেপাৰী হাৰেজ আলীৰ ঘৰত অভিযান চলাই শাল, চেগুন আদিকে ধৰি বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। কাঠখিনি জব্দ কৰি আৰক্ষীৰ দলটোৱে বহলপুৰৰ কৰ্তব্যৰত ৰেঞ্জাৰ আৰু ফৰেষ্টাৰক মোবাইল ফোনযোগে যোগাযোগৰ চেষ্টা চলাই বিফল হয়।

শেষত আৰক্ষীৰ দলটোৱে বহলপুৰত থকা বন বিভাগৰ কাৰ্য্যালয়ত উপস্থিত হৈ বন বিভাগৰ বিষয়া -কৰ্মচাৰীৰ দলটোক ঘটনাস্থলীলৈ গৈ জব্দকৃত চোৰাং কাঠখিনি চমজাই দিয়ে বুলি জানিব পৰা গৈছে। কিন্তু আৰক্ষীৰ দলটো থানালৈ অহাৰ পিছত বন বিষয়া – কৰ্মচাৰীৰ দলটোৱে আৰক্ষীয়ে জব্দ কৰা কাঠৰ এক চতুৰ্থাংশ উদ্ধাৰ কৰি এখন ট্ৰেক্টৰেৰে বহলপুৰত থকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ নিয়াৰ বিপৰীতে জব্দকৃত অধিকাংশ কাঠ ঘটনাস্থলীতে এৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

এই সন্দৰ্ভত চাপৰ আৰক্ষীৰ হাতত জব্দকৃত সম্পূৰ্ণ চোৰাং কাঠৰ ভিডিঅ’ ফুটেজ আৰু ফটো মজুত আছে বুলি আৰক্ষীৰ সূত্ৰ এটাৰ পৰা জনা গৈছে। স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে এই ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰিবলৈ বাবে ধুবুৰী জিলাৰ উপায়ুক্তৰ লগতে আই ভেলী বন সংমণ্ডলৰ ডি এফ অ’ ক আহ্বান জনাইছে।