NORTHEAST NOW (Assamese)

কৃষ্ণাইত আৰক্ষীৰ অভিযানত ১ কোটি টকাৰ চোৰাং চুপাৰী জব্দ

July 14, 2020 6:40 am · নীলমনি শর্মা
জব্দ কৰা চোৰাং চুপাৰীখিনি। ফটো: নৰ্থইষ্ট নাও

গোৱালপাৰা জিলাৰ কৃষ্ণাইত সোমবাৰে আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৩৪৭ বস্তা চোৰাং চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে উত্তৰ গুৱাহাটীৰ আৰক্ষীৰ দল এটাই কৃষ্ণাইত উপস্থিত হৈ গোৱালপাৰা জিলা আৰক্ষীৰ সহযোগত সন্ধিয়া জাগ্ৰতপাৰা গাওঁৰ চুপাৰী ব্যৱসায়ী শ্যামল মিত্ৰৰ গুডামত অভিযান চলাই প্ৰায় ১ কৌটি টকাৰ চোৰাং চুপাৰী জব্দ কৰে।

ঘটনাৰ আতঁ ধৰি জানিব পৰা মতে, উত্তৰ গুৱাহাটীৰ গৌৰিপুৰৰ পৰা চুপাৰী ভৰ্তি ট্ৰাক এখন পশ্চিম বংগলৈ গৈ থকা অৱস্থাত ট্ৰাকখন আধা বাটতে হাইজেক হয়।

এই ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী থানাত এটা গোচৰ ৰুজু হয়। এই গোচৰটোৰ অনুসদ্ধানত অভিযান চলাই অৱশেষত কৃষ্ণাইৰ পৰা চোৰাং চুপাৰীৰ বস্তাবোৰ উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে, দেওবাৰে নিশা উত্তৰ গুৱাহাটী আৰক্ষীয়ে কৃষ্ণাইৰ পৰা আফছাৰ আলী নামৰ এজন যুৱকক আটক কৰিছিল।

ধৃত যূৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে সোমবাৰে অভিযান চলাই চোৰাং চুপাৰীখিনি উদ্ধাৰ কৰা হয়।

ইপিনে, এই অভিযান সম্পৰ্কে আৰক্ষীয়ে সংবাদ মাধ্যমক সবিশেষ জনোৱাৰ পৰা বিৰত থাকে।

অভিযুক্ত চোৰাং চুপাৰী ব্যৱসায়ী শ্যামল মিত্ৰ পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

আনহাতে আৰক্ষীয়ে উদ্ধাৰ কৰা চুপাৰীখিনি জব্দ কৰি উত্তৰ গুৱাহাটীত লৈ যায়।

Related News