NORTHEAST NOW (Assamese)

ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান

December 10, 2022 10:31 am · এন ই নাও নিউজ, গুৱাহাটী

নিশা হঠাতে এটা প্ৰচণ্ড বিস্ফোৰণৰ ফলত কঁপি উঠে পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানা। আৰক্ষী সূত্ৰৰ খৱৰ অনুসৰি, কোনো উগ্ৰপন্থী সংগঠনৰ ৰকেট আক্ৰমণৰ ফলতে এই ঘটনা সংঘটিত হৈছে। বিস্ফোৰণৰ পিছত ঘটনাস্থলীত উপস্থিত হয় এক বৃহৎ আৰক্ষী বাহিনী। উগ্ৰপন্থীৰ সন্ধানত শনিবাৰে পুৱতি নিশাৰে পৰা অঞ্চলটোত  তালাচী অভিযান আৰম্ভ কৰা হৈছে।

যোৱা কেইদিনমানৰ পৰা উত্তৰ পঞ্জাৱত পাকিস্তানৰ সীমান্তৱৰ্তী জিলাখনত খালিস্তান পন্থী সংগঠনৰ কাৰ্যকলাপৰ খৱৰ পোৱা গৈছে। সীমান্তৰ সিপাৰৰ পৰা কেইবাবাৰো একে-চিৰিজ ৰাইফল, বিস্ফোৰক আৰু জাল নোট উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী

চোৰাংচোৱাৰ তথ্য অনুসৰি, আক্ৰমণকাৰীসকলে ড্ৰোনৰ সহায়ত পাকিস্তানৰ পৰা আৰপিজিএল (ৰকেট প্ৰপেলেড গ্ৰেনেড লঞ্চাৰ) আনিছিল।

বিগত ২২ মে’ত উগ্ৰপন্থীয়ে মোহালিত পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ মুখ্য কাৰ্যালয়ত ৰকেট আক্ৰমণ চলাইছিল। ঘটনাটোত ৰাছিয়াত নিৰ্মিত এটা আৰপিজি-২২ ৰকেট লঞ্চাৰ উদ্ধাৰ কৰা হৈছিল।

লগতে পঢ়ক: FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা

সেই ঘটনাত খলিস্তানি উগ্ৰপন্থী নেতা চৰত সিং আৰু তেওঁৰ সহযোগী নিশান সিঙক তৰণ তাৰণৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছিল। সেই সময়ত জিলাখনত নতুন খলিস্তানপন্থী সংগঠন ‘খালিস্তান জিন্দাবাদ ফ’ৰ্চ’ৰ কাৰ্যকলাপৰ বাতৰি পোহৰলৈ আহিছিল।

Related News