• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2022 8:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাটাৰ ফুটবল বিশ্বকাপৰ দ্বিতীয় কোৱাৰ্টাৰ ফাইনেলত অপৰাজিত নেডাৰলেণ্ড আৰু লিঅ’নেল মেছিৰ আৰ্জেণ্টিনা মুখামুখি হৈছিল। শুকুৰবাৰে মাজনিশা লুচাইল আইকনিক ষ্টেডিয়ামত ছেমি ফাইনেলত উপনীত হ’বলৈ দুয়োটা দলৰ মাজত তীব্ৰ যুঁজ আৰম্ভ হৈছিল। কিন্তু স্নায়ু যুঁজত শেষ হাঁহি মাৰিলে আৰ্জেন্টিনাই।

খেলখনৰ ৩৫ মিনিটত আৰ্জেণ্টিনা আগবাঢ়ি গৈছিল। মলিনাই মেছিৰ সহায়ত গ’ল কৰিছিল। দ্বিতীয়াৰ্ধৰ ৭৩ মিনিটত লিঅ’নেল মেছিয়ে পেনাল্টিৰ পৰা গ’ল কৰি আৰ্জেণ্টিনাক ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে।

কিন্তু ২-০ ত পিছ পৰি থকা স্বত্বেও নেডাৰলেণ্ডে দুটা গ’ল পৰিশোধ কৰে আৰু খেলখন অতিৰিক্ত সময়লৈ নিয়া হয়। কেমেল ৱাইগহাৰ্ষ্টে নেডাৰলেণ্ডক দুটা গ’লেৰে সমতালৈ ঘূৰাই আনিছিল। যিহেতু কোনো দলেই অতিৰিক্ত সময়ৰ খেলখনত কোনো গ’ল কৰিব নোৱাৰিলে, গতিকেই খেলখনৰ ভাগ্য নিৰ্ণয় কৰিবলৈ টাইব্ৰেকাৰৰ আশ্ৰয় ল’ব লগা হয়। অৱশেষত আৰ্জেণ্টিনাই খেলখন জিকি অন্তিম আঠত স্থান লাভ কৰিছে।

Apply Now

খেলখনৰ আৰম্ভণিৰ পৰাই দুয়োটা দলে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ খেলা অব্যাহত ৰাখে। খেলখনৰ ৯ মিনিটত নেডাৰলেণ্ডে বাওঁফালৰ পৰা আক্ৰমণত অৱতীৰ্ণ হয়। কিন্তু তেওঁলোকে সুবিধা ল’ব নোৱাৰিলে। খেলখনৰ ১০ মিনিটত আৰ্জেণ্টিনা আক্ৰমণলৈ ঘুৰি আহে। অৱশ্যে, আকুনাৰ আগবঢ়াই দিয়া বল কোনেও ভৰিৰে স্পৰ্শ কৰিব নোৱাৰিলে। তাৰ পিছত খেলখনৰ ১৩ মিনিটত ডি পলৰ বনোৱা বলটো ডাচ গ’লৰক্ষক আন্দ্ৰে নপাৰ্টে সহজে কৰায়ত্ত কৰে।

খেলখনৰ ১৬ মিনিটত নেডাৰলেণ্ডে আক্ৰমণ তীব্ৰ কৰে। সোঁফালৰ পৰা আগবঢ়াই দিয়া বল স্পৰ্শ কৰাত বিফল হোৱাত গ’ল নাপালে ডাচ্চসকলে । খেলখনৰ ১৮ মিনিটত ষ্টিভেন বাৰ্গউইনে মিডফিল্ডৰ পৰা আগবঢ়াই দিয়া বলটো নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হয়। খেলখনৰ ২১ মিনিটত নেডাৰলেণ্ডে এটা কৰ্ণাৰ অৰ্জন কৰে যদিও তেওঁলোকে ইয়াৰ সুযোগ ল’ব নোৱাৰিলে।

খেলখনৰ ২২ মিনিটত মেছিয়ে ডি বক্সৰ বাহিৰৰ পৰা শ্বট মাৰে। কিন্তু ই ক্ৰছবাৰৰ ওপৰেৰে যায়। খেলখনৰ ২৪ মিনিটত নেডাৰলেণ্ডে গ’ল কৰাৰ সহজ সুযোগ লাভ কৰে। ডি বক্সৰ ভিতৰৰ পৰা ডিপেৰ শ্বটটো পোষ্টৰ বাহিৰলৈ গুচি যায়। খেলখনৰ ২৯ মিনিটত গাকপোৱে বাওঁফালৰ পৰা ক্ৰছ বৃদ্ধি কৰে। কিন্তু আৰ্জেণ্টিনাৰ ডিফেণ্ডাৰসকলে ইয়াক অৱৰোধ কৰি তোলে।

খেলখনৰ ৩৩ মিনিটত ডি পলে ডি বক্সৰ বাহিৰৰ পৰা শ্বট মাৰে যদিও ইয়াক আন্দ্ৰে নপাৰ্টে অৱৰোধ কৰে। খেলখনৰ ৩৫ মিনিটত আৰ্জেণ্টিনাই গ’ল কৰে। নাহুৱেল মলিনাই মেছিৰ পাছৰ পৰা বলটো নেটত প্ৰৱেশ কৰোৱায়। খেলখনত আৰ্জেণ্টিনাই প্ৰথমবাৰৰ বাবে আগবাঢ়ি থাকে। এই গ’লৰ জৰিয়তে মলিনাই প্ৰথম আন্তঃৰাষ্ট্ৰীয় গ’ল অৰ্জন কৰে।

খেলখনৰ ৪০ মিনিটত মেছিয়ে ডি বক্সৰ ভিতৰৰ পৰা শ্বট মাৰে। কিন্তু ইয়াক আন্দ্ৰে নপাৰ্টে ৰক্ষা কএ। খেলখনৰ ৪৩ মিনিটত নেডাৰলেণ্ডে এটা ফ্ৰী কিক পায়। কিন্তু তেওঁলোকে ইয়াৰ সুযোগ ল’ব নোৱাৰিলে। তাৰ পিছত আৰু কোনো গ’ল নোহোৱাত আৰ্জেণ্টিনাই এটা গ’লত আগুৱাই থাকি বিৰতিলৈ যায়।

আৰ্জেণ্টিনা বিৰতিৰ পৰা উভতি আহিয়েই প্ৰথমে আক্ৰমণ আৰম্ভ কৰে। খেলখনৰ ৪৭ মিনিটত তেওঁলোকে এটা কৰ্ণাৰ পাইছিল যদিও তেওঁলোকে ইয়াৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰিলে। খেলখনৰ ৪৮ মিনিটত গাকপোৱে সোঁফালৰ পৰা ক্ৰছ আগবঢ়ায়। কিন্তু এমিলিয়ানো মাৰ্টিনেজে ইয়াক সহজে নিয়েৰৰ গ্ল’ভছত পেলায়। খেলখনৰ ৫৪ মিনিটত ডাচ্চসকলে আক্ৰমণলৈ উভতি আহে যদিও তেওঁলোকে কোনো  সুযোগ ল’ব নোৱাৰিলে।

খেলখনৰ ৫৯ মিনিটত আৰ্জেণ্টিনাই প্ৰত্যাক্ৰমণ চলায়। কিন্তু তেওঁলোকে সঠিকভাৱে আগবাঢ়িব নোৱাৰিলে। খেলখনৰ ৬১ মিনিটত আৰ্জেণ্টিনাই ডি বক্সৰ বাহিৰৰ পৰা এটা ফ্ৰী কিক লাভ কৰে। সেই ফ্ৰী কিকৰ পৰা মেছিৰ শ্বটটো অলপৰ বাবে ক্ৰছবাৰৰ ওপৰেৰে যায়।

খেলখনৰ ৭১ মিনিটত আৰ্জেণ্টিনাই ডি বক্সৰ ভিতৰত আকুনাক ফাউল কৰাৰ বাবে পেনাল্টি লাভ কৰে। মেছিয়ে সেই পেনাল্টিৰ পৰা শ্বট কৰি আৰ্জেণ্টিনাৰ অগ্ৰগতি বৃদ্ধি কএ। তেওঁৰ গ’লটোৱে আৰ্জেণ্টিনাক খেলখনত ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে।

খেলখনৰ ৭৯ মিনিটত নেডাৰলেণ্ডে আক্ৰমণত অৱতীৰ্ণ হয় যদিও তেওঁলোকে সুবিধা ল’ব নোৱাৰিলে। খেলখনৰ ৮১ মিনিটত আৰ্জেণ্টিনা পুনৰ আক্ৰমণত সোমাই পৰে। অৱশ্যে, তেওঁলোকে গ’ল কৰাত ব্যৰ্থ হয়। খেলখনৰ ৮২ মিনিটত ডাচ্চসকলে বাওঁ ফালৰ পৰা এটা ফ্ৰী কিক লাভ কৰে। আৰ্জেণ্টিনাৰ ডিফেণ্ডাৰসকলে ইয়াক প্ৰতিৰোধ কৰে। খেলখনৰ ৮৩ মিনিটত নেডাৰলেণ্ডে গ’লৰ মুখ দেখে। কেমেল ৱাইগহাৰ্ষ্টে সোঁফালৰ পৰা আগবঢ়াই দিয়া বলটো নেটত প্ৰৱেশ কৰোৱায়।

খেলখনৰ ৮৫ মিনিটত কেমেল ৱেইগহাৰ্ষ্টে পুনৰ শ্বট মাৰে। অৱশ্যে ডিফেণ্ডাৰে ইয়াক প্ৰতিৰোধ কৰে। খেলখনৰ ৮৯ মিনিটত নেডাৰলেণ্ডে এটা ফ্ৰী কিক পায় যদিও তেওঁলোকে গ’ল কৰাত ব্যৰ্থ হয়। খেলখনৰ অতিৰিক্ত সময়ত নেডাৰলেণ্ডে ডি বক্সৰ বাহিৰৰ পৰা এটা ফ্ৰী কিক লাভ কৰে। কিন্তু তাৰ পৰা গ’ল কৰাত ব্যৰ্থ হয়। তাৰ পিছত ডাচ্চসকলে কেইবাটাও আক্ৰমণৰ পিছতো গ’ল কৰিবলৈ ব্যৰ্থ হয়। অতিৰিক্ত সময়ৰ শেষত ইউটি ৱাইগহাৰ্ষ্টে ফ্ৰী কিকৰ পৰা এটা গ’ল কৰি খেললৈ উভতি আহে। ফলস্বৰূপে খেলখনৰ বাবে অৱশেষত অতিৰিক্ত সময় নিৰ্ধাৰণ কৰা হয়।

অতিৰিক্ত সময়ৰ খেলৰ আৰম্ভণিতে আৰ্জেণ্টিনা আক্ৰমণত লাগি পৰে। কিন্তু তেওঁলোকে গ’ল কৰাত ব্যৰ্থ হয়। খেলখনৰ ১০০ মিনিটত আৰ্জেণ্টিনাই এটা ফ্ৰী কিক পায় যদিও তেওঁলোকে ইয়াৰ সুযোগ ল’ব নোৱাৰিলে। খেলখনৰ ১০৪ মিনিটত আৰ্জেণ্টিনাই ডি বক্সৰ বাহিৰৰ পৰা এটা ফ্ৰী কিক লাভ কৰে। ওটামেণ্ডিয়ে মেছিৰ আগবঢ়াই দিয়া বলত ভৰিৰে স্পৰ্শ কৰাত ব্যৰ্থ হয়। তাৰ পিছত আৰু কোনো গ’ল নোহোৱাত দুয়োটা দলে সমতাৰে অতিৰিক্ত সময়ৰ প্ৰথমাৰ্ধ সমাপ্ত কৰে।

অতিৰিক্ত সময়ৰ দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে আৰ্জেণ্টিনাই এটা ফ্ৰী কিক পাইছিল। খেলখনৰ ১০৬ মিনিটত আৰ্জেণ্টিনাই এটা কৰ্ণাৰ পাইছিল। কিন্তু তেওঁলোকে ইয়াৰ পৰা কোনো লাভ নহ’ল। খেলখনৰ ১০৯ মিনিটত আৰ্জেণ্টিনাই পুনৰ সোঁফালৰ পৰা এটা ফ্ৰী কিক লাভ কৰে। মেছিয়ে এটা ফ্ৰী কিকেৰে বলটো লৈ আগবাঢ়ি গৈছিল আৰু ডি বক্সৰ বাহিৰৰ পৰা শ্বট মাৰিছিল। কিন্তু ই ক্ৰছবাৰৰ ওপৰেৰে যায়।

খেলখনৰ ১১২ মিনিটত ডাচ্চসকলে এটা ফ্ৰী কিক লাভ কৰে। খেলখনৰ ১১৪ মিনিটত ডি বক্সৰ ভিতৰৰ পৰা মাৰ্টিনেজৰ শ্বট ডিফেণ্ডাৰে অৱৰোধ কৰে। তাৰ পিছত খেলখনৰ ১১৫ মিনিটত আৰ্জেণ্টিনাই এটা কৰ্ণাৰ পায়। এঞ্জো ফাৰ্ণাণ্ডেজে কৰ্ণাৰৰ পৰা মৰা শ্বটটো ক্ৰছবাৰৰ ওপৰেৰে যায়। পাছত আৰ্জেণ্টিনাই কেইবাটাও আক্ৰমণ চলায় যদিও গ’ল কৰাত ব্যৰ্থ হয়। শেষত খেলখনৰ ফলাফল টাইব্ৰেকাৰত নিৰ্দ্ধাৰণ কৰাৰ বাবে আগবাঢ়ে।

এমিলিয়ানো মাৰ্টিনেজে টাইব্ৰেকাৰত ভেন ডিজকৰ শ্বটটো অৱৰোধ কৰে। মেছিয়ে তেতিয়া আৰ্জেণ্টিনাৰ হৈ প্ৰথম শ্বটটো কৰে। মাৰ্টিনেজে ডাচ্চসকলৰ বাবে ষ্টিভেন বাৰ্গাছে লোৱা দ্বিতীয় শ্বটটোও অৱৰোধ কৰে। আৰ্জেণ্টিনাৰ হৈ দ্বিতীয় শ্বটত পেৰেডে গ’ল কৰে। টিন কুপিনাৰে তেতিয়া ডাচ্চৰ হৈ তৃতীয় শ্বটত গ’ল কৰে। তাৰ পিছত মণ্টিয়েলে আৰ্জেণ্টিনাৰ হৈ তৃতীয় শ্বটত গ’ল কৰে।

ডাচ্চৰ হৈ চতুৰ্থ শ্বটটোত জাষ্টিন বিজলোৱে গ’ল কৰে। আনহাতে, আৰ্জেণ্টিনাৰ হৈ চতুৰ্থ শ্বটত এঞ্জো ফাৰ্ণাণ্ডেজে গ’ল কৰাত ব্যৰ্থ হয়। লিউক ডি জঙে তেতিয়া ডাচ্চৰ হৈ পঞ্চম শ্বটত গ’লটো কৰে। তাৰ পিছত লাউটাৰো মাৰ্টিনেজে আৰ্জেণ্টিনাৰ হৈ পঞ্চম শ্বটত গ’ল কৰি দলটোৰ বিজয় নিশ্চিত কৰে। এই বিজয়ৰ ফলস্বৰূপে আৰ্জেণ্টিনাই ছেমি ফাইনেলত উপনীত হয়। নেডাৰলেণ্ড বিশ্বকাপৰ পৰা বাহিৰ হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd