মাক্স পৰিধান নকৰা আৰু কোভিড ভেকচিনৰ প্ৰমাণপত্ৰ নথকা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

বঙাইগাঁও জিলাত কোভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বান্ধি দিয়া কোভিড বিধি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে আৰক্ষী বিভাগ ৷

দুচকীয়া বাহনৰ আৰোহী আৰু সহযাত্ৰীৰ হেলমেট পৰীক্ষণৰ পিছত এইবাৰ মাস্ক পৰিধান নকৰা আৰু কোভিড ভেক্সিন নোলোৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ হৈছে বঙাইগাঁও আৰক্ষী ৷

বঙাইগাঁও চহৰৰ শ্বহীদ বেদীত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱাল, কাৰ্যবাহী দণ্ডাধীশসহ যান বাহন শাখাৰ আৰক্ষীয়ে অকৎস্মাতভাৱে চহৰখনত প্ৰৱেশ কৰা আৰু ওলাই যোৱা দুচকীয়া, চাৰিচকীয়া, তিনিচকীয়া বাহনৰ লগতে বাছত অভিযান চলায় ৷

আৰক্ষীয়ে যাত্ৰীবাহী বাহনসমূহ ৰখাই বাহনৰ যাত্ৰীসকলে মাস্ক পৰিধান কৰিছে নে নাই আৰু দুটাকৈ কোভিড ভেক্সিন গ্ৰহণ কৰা লোকসকলহে বাহনযোগে যাত্ৰা কৰিছে নে নাই সেয়া নিশ্চিত কৰে ৷ কিন্তু বাহনত বহুসংখ্যক ব্যক্তিয়ে দুটাকৈ ভেক্সিন গ্ৰহণ কৰাৰ কোনো তথ্য দেখুৱাবলৈ সক্ষম নোহোৱাত তেওঁলোকক বাহনৰ পৰা নমাই দিয়া হয় ৷

লগতে যাত্ৰীবাহী বাহনসমূহৰ চালক আৰু হেণ্ডিমেন সকলক দুটাকৈ ভেক্সিন নোলোৱা কোনো ব্যক্তিকে বাহনত নুঠাবলৈ কঠোৰভাৱে সকিয়াই দিয়ে ৷ একেদৰে বাহনৰ চালক, হেণ্ডিমেন আদিয়েও দুটাকৈ ভেক্সিন গ্ৰহণ কৰা প্ৰমাণ পত্ৰ পৰীক্ষা কৰে ৷

লগতে দুটাকৈ ভেকচিন নিদিয়া ব্যক্তিত বাহনত উঠোৱাৰ বাবে বাহনৰ বিৰুদ্ধেও জৰিমনা বিহাৰ লগতে দুচকীয়া বাহন চলাওতে মাস্ক পৰিধান নকৰাসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ইপিনে জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে আহ্বান জনাইছে যে কেৱল ভেক্সিন গ্ৰহণ কৰা লোকসকলেহে বাহনযোগে যাত্ৰা কৰিব পাৰিব ৷

সেয়ে যাত্ৰীবাহী বাহনযোগে যাত্ৰা কৰা যাত্ৰীসকলে ভেক্সিন গ্ৰহণ কৰিছে নে নাই সেয়া আমি চাইছো ৷ যিসকল যাত্ৰীয়ে ভেক্সিন লোৱা নাই, সেইসকলক ভেক্সিন দিয়াৰ বাবে স্বাস্থ্য বিভাগে যাতে ব্যৱস্থা গ্ৰহণ কৰে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে ৰাইজলৈ আহ্বান জনাই লগতে কয় যে যিহেতু কোভিডৰ তৃতীয় ঢৌত সংক্ৰমণ বাঢ়িছে, সেয়ে সকলোৱে সজাগ হ’ব লাগে ৷

আনহাতে যাত্ৰীবাহী বাহনত যিহেতু চৰকাৰী নিৰ্দেশনাৰ পিছতো ভেক্সিন নোলোৱা লোকক উঠাইছে, সেয়ে তেনে বাহনৰ চালক আৰু হেণ্ডিমেনৰ বিৰুদ্ধেও জৰিমনা বিহা হ’ব বুলি কয় ৷ কাৰণ বাহনৰ চালক আৰু হেণ্ডিমেনৰ এইক্ষেত্ৰত দায়িত্ব আছে ৷ বঙাইগাঁও আৰক্ষীয়ে এইদৰে অভিযান চলাই থাকিব আৰু কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে যি নিৰ্দেশনা জাৰি কৰিছে তাক কঠোৰভাৱে কাৰ্যকৰী কৰাৰ বাবে চেষ্টা চলাব ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিছত কঠোৰ হৈছে বঙাইগাঁও আৰক্ষী ৷ ইপিনে জিলাখনত দিনে দিনে কোভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷  জিলাখনত বৰ্তমান কোভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৩১ গৰাকীলৈ বৃদ্ধি পাইছে ৷ আক্ৰান্তসকলৰ ভিতৰত ১৮ গৰাকী ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৩১৩ গৰাকী হোম কোৱাৰেণ্টাইনত আছে ৷ জিলাখনত মুঠ ৩,৬৫৯ গৰাকী ব্যক্তিক কোভিড পৰীক্ষা কৰা হয়৷

সুস্থ হৈ উঠিছে ২৭ গৰাকী ব্যক্তি ৷ জিলাখনত ১ জানুৱাৰীৰ পৰা সোমবাৰলৈকে মুঠ আক্ৰান্তৰ সংখ্যা বদ্ধি পাই ৪৫৮ গৰাকী হৈছে ৷