নগাঁও কাগজ কল শ্ৰমিকৰ পশান্তিপূৰ্ণ শোক সমদলত আৰক্ষী প্ৰশাসনৰ বাধা প্ৰদান

index

জাতি মাটি ভেটি পাহাৰ ভৈয়াম তথা সভায়ে সমিতিয়ে বৰাক ব্ৰহ্মপুত্ৰৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে শান্তি পূৰ্ণ মমবাতি সমদল বন্ধ কৰি গণতন্ত্ৰক হত্যা কৰিছে৷ এই অভিযোগ নগাঁও কাগজ কলৰ শৰ্মিকসকলৰ।

উল্লেখ্য যে বুধবাৰে সন্ধিয়া নগাঁও কাগজ কলৰ শ্ৰমিকসকলে উলিওৱা এক শোক সমদলক সৰ্বানন্দ সোণোৱালৰ আৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰে।

নগাওঁ কাগজ কল আৰু কাছাৰ কাগজ কলৰ বিনা বেতনে অকালতে মৃত্যু বৰণ কৰা ৮০ জন কৰ্মচাৰীৰ আত্মাৰ সদগতিৰ বাবে আজি নগাঁও কাগজ কলৰ ইউনিয়নে উলিওৱা মমবাতি জ্বলাই কৰা শান্তি সমদল উলিওৱা হৈছিল।

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ আমোলত বিগত চাৰি বছৰে বন্ধ হৈ থকা অসম তথা উত্তৰ পূৰ্ৱাঞ্চলৰ গৌৰৱ নগাঁও আৰু কাছাৰ কাগজ কলৰ শ্ৰমিকসকলে ন্যায্যপ্ৰাপ্তিৰ বাবে অহৰহ আন্দোলনৰ কাৰ্যসূচী চলাই আহিছে যদিও কোনো ফল ধৰা নাই বুলি অভিযোগ কৰে সমদলকাৰীসকলে৷

কৰ্মচাৰীসকলে বাৰে বাৰে অনুৰোধ কৰা স্বত্বেও প্ৰশাসনে কাৰ্যসূচী ৰূপায়ণৰ অনুমতি প্ৰদান নকৰাত ক্ষুদ্ধ হৈ পৰে কাগজ কলৰ কৰ্মচাৰীসকল৷