NORTHEAST NOW (Assamese)

সোণ চুৰি কৰি থৈছিল বেংকত, ল’লে কোটি কোটি টকাৰ ঋণ! ছোনিয়াৰ চাঞ্চল্যকৰ কাহিনী শুনি হতচকিত আৰক্ষী

May 21, 2026 8:43 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 8:44 am

দিল্লী আৰক্ষীয়ে অলপতে এক আচৰিত ধৰণৰ চুৰি কাণ্ডৰ ৰহস্য ফাদিল কৰিছে। এই ঘটনাটোৱে তদন্তকাৰী বিষয়াসকলকো সম্পূৰ্ণৰূপে আচৰিত কৰি তুলিছে। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, এগৰাকী মহিলাই ধনী লোকৰ ঘৰত কাম কৰা মানুহ বা মেড হিচাপে সোমাইছিল আৰু সুযোগ বুজি মূল্যবান সোন-অলংকাৰ চুৰি কৰি পলাই গৈছিল। ২০০৮ চনৰ পৰা ২০২৬ চৰ এপ্ৰিল মাহলৈকে এই মহিলাগৰাকীৰ বিৰুদ্ধে প্ৰায় ৬ টা ডাঙৰ চুৰিৰ গোচৰ ৰুজু হৈছে। কেৱল এ বছৰৰ ভিতৰতে তেওঁ প্ৰায় আঢ়ৈ কোটি টকাৰ সম্পত্তি চুৰি কৰি হাত চাফা কৰিছিল।

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে এই অভিযুক্ত মহিলাগৰাকীক সকলোৱে ছোনিয়া নামেৰে জানিছিল, যদিও এইটো তেওঁৰ আচল নাম নাছিল। ৪৬ বছৰীয়া এই মহিলাগৰাকী প্ৰায় ২০ বছৰ পূৰ্বে নিজৰ স্বামীৰ সৈতে চেন্নাইৰ পৰা দিল্লীলৈ আহিছিল। প্ৰথম অৱস্থাত তেওঁ সাধাৰণ ঘৰুৱা কাম-কাজ কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু আৰ্থিক নাটনিৰ বাবে তেওঁ চুৰিৰ পথ বাচি লয়। তেওঁ কোনো এখন ঘৰত কিছুদিন কাম কৰে আৰু তাৰ পিছত সেই পৰিয়ালটোৰ দৈনিক কাম-কাজৰ সময় আৰু সোন-অলংকাৰ থোৱা ঠাইবোৰ ভালদৰে লক্ষ্য কৰি সুযোগ বুজি চুৰি কাণ্ড সংঘটিত কৰে।

ছোনিয়ায়ে ধৰা পৰাৰ ভয়ত চুৰি কৰা সোনবোৰ কতো বিক্ৰী কৰা নাছিল, বৰঞ্চ তেওঁ চুৰিৰ এক অতি অভিনৱ পদ্ধতি ব্যৱহাৰ কৰিছিল। তেওঁ ডাঙৰ ডাঙৰ গোল্ড লোন কোম্পানীত ১৫ টা বেলেগ বেলেগ লকাৰ খুলি থৈছিল। তেওঁ চুৰি কৰা সোনবোৰ এই লকাৰবোৰত জমা কৰি তাৰ বিনিময়ত কোটি কোটি টকাৰ ঋণ বা লোন লৈছিল। আৰক্ষীয়ে তেওঁৰ লকাৰৰ পৰা এতিয়ালৈকে ২ কেজিতকৈও অধিক সোন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই মহিলাগৰাকীয়ে ধনী ঘৰবোৰৰ ঠিকনা উলিয়াবলৈ ডাঙৰ আৱাসিক এলেকাৰ সুৰক্ষা কৰ্মী বা চিকিউৰিটি গাৰ্ডসকলৰ সৈতে বন্ধুত্ব কৰি লৈছিল আৰু ক’ত কাম কৰা মানুহৰ দৰকাৰ তাৰ খবৰ সংগ্ৰহ কৰিছিল।

বিগত এপ্ৰিল মাহত ছোনিয়াই শালিমৰ বাগৰ এজন ব্যৱসায়ীৰ ঘৰত কামত সোমাইছিল। তাত তেওঁ সুযোগ বুজি ঘৰত পূজা চলি থকাৰ সময়তে প্ৰায় ডেৰ কোটি টকাৰ অলংকাৰ চুৰি কৰি পলাই যায়। তেওঁ ৰোহিণী অঞ্চলৰ এটা তিনিমহলীয়া অট্টালিকাত বাস কৰিছিল। যেতিয়া আৰক্ষীৰ দলটো তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল, তেতিয়া ঘৰৰ দৃশ্য দেখি সকলো আচৰিত হৈ পৰে। নিজৰ সুৰক্ষাৰ বাবে মহিলাগৰাকীয়ে ঘৰত ১৫ টা পিটবুল আৰু আমেৰিকান বুলী প্ৰজাতিৰ হিংস্ৰ কুকুৰ পহি ৰাখিছিল। আৰক্ষী ভিতৰলৈ যোৱাৰ লগে লগে কুকুৰবোৰে দলটোক আক্ৰমণ কৰে যদিও আৰক্ষীয়ে যিকোনো মতে কুকুৰবোৰক খেদি মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ জেৰাৰ সময়ত মহিলাগৰাকীয়ে নিজৰ নাম মল্লিকা বুলি কয়, কিন্তু তেওঁৰ পৰা উদ্ধাৰ হোৱা আধাৰ কাৰ্ডত নাম সোণ বুলিহে লিখা আছিল। তেওঁ নিজৰ পৰিচয় লুকুৱাবলৈ বিভিন্ন ভুৱা নাম ব্যৱহাৰ কৰিছিল। এই চুৰিৰ টকাৰে তেওঁ কোটি কোটি টকাৰ ঘৰ আৰু ফ্লেট কিনিছিল, যিবোৰ এতিয়া আৰক্ষীয়ে জব্দ কৰাৰ প্ৰক্ৰিয়া চলাই আছে। ইয়াৰ উপৰিও কোনো ধৰণৰ সঠিক পৰীক্ষা নকৰাকৈয়ে ইমান ডাঙৰ ঋণ দিয়া গোল্ড লোন কোম্পানীসমূহৰ শাখা পৰিচালকসকলকো আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিছে আৰু তেওঁলোকৰ গাফিলতিৰ বাবে তেওঁলোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হ’ব বুলি জনাইছে।

Related News