• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্রনাথ ৰথক হত্যাৰ ঘটনাঃ ৫০ হাজাৰ টকাত উত্তৰ প্ৰদেশৰ পৰা ক্ৰয় কৰিছিল হত্যাকাৰীৰ বাহন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 9:44 am
90
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্রনাথ ৰথ হত্যাকাণ্ডৰ তদন্তত এক অতি গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। এই হত্যাকাণ্ডত ব্যৱহাৰ কৰা গাড়ীখন উত্তৰ প্রদেশৰ বলিয়া জিলাৰ পৰা কিনা হৈছিল বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ তদন্তত প্রকাশ পাইছে যে এই বিলাসী গাড়ীখন ১ মে’ ২০২৬ তাৰিখে মাত্ৰ ৫০ হাজাৰ টকাত কিনা হৈছিল।

তথ্য অনুসৰি এই গাড়ীখন বাচডিহ ৰোড অঞ্চলৰ বাসিন্দা তথা বালি আৰু শিলৰ ব্যৱসায়ী জিতেন্দ্ৰ সিং নামৰ এজন ব্যক্তিৰ পৰা কিনা হৈছিল। গাড়ীখন ক্ৰয় কৰা ব্যক্তিজনক শীতল দৱনীৰ বাসিন্দা জ্ঞানেন্দ্ৰ সিং মনু বুলি চিনাক্ত কৰা হৈছে। জ্ঞানেন্দ্ৰৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰু ছত্তীশগড়ত গুলীচালনা আৰু গেংষ্টাৰ এক্টকে ধৰি প্ৰায় ১২টাকৈ বিভিন্ন অপৰাধমূলক গোচৰ ৰুজু হৈ আছে।

Apply Now

এই সন্দৰ্ভত চিবিআইৰ দলে বাচডিহ কোটৱালী এলেকাৰ হুছেইনাবাদ গাঁৱৰ বাসিন্দা তথা গাড়ীখনৰ আচল মালিকে ধৰি ব্যৱসায়ী জিতেন্দ্ৰ সিং আৰু তেওঁৰ পুত্ৰক জেৰা কৰিছে। তদন্তকাৰী সংস্থাটোৰ মতে দুৰ্বৃত্তই এই গাড়ীখন ব্যৱহাৰ কৰিয়েই চন্দ্ৰনাথ ৰথক হত্যা কৰিছিল আৰু ঘটনা সংঘটিত কৰাৰ পিছত তেওঁলোক ফৰাৰ হৈছিল। বৰ্তমান চিবিআইৰ দলে গাড়ীখনৰ সন্ধান চলাই আছে।

ব্যৱসায়ী জিতেন্দ্ৰ সিঙে জনোৱা মতে গাঁৱৰে দীপক সিং ওৰফে মিঠু নামৰ এজন যুৱকে তেওঁক ছট পূজাৰ সময়ত গাড়ীখন বিক্ৰী হোৱাৰ খবৰ দিছিল। সেই সময়ত গাড়ীখনৰ দাম ৩৫ হাজাৰ টকা আছিল আৰু তেওঁ গাড়ীখন ক্ৰয় কৰিছিল। ইয়াৰ প্ৰায় ৫ মাহ পিছত দীপকে গাড়ীখন আগলৈ বিক্ৰী কৰাৰ পৰামৰ্শ দিয়ে। অধিক লাভৰ আশাত জিতেন্দ্ৰই গাড়ীখন ৫০ হাজাৰ টকাত জ্ঞানেন্দ্ৰ সিঙক বিক্ৰী কৰি দিয়ে।

জিতেন্দ্ৰ সিঙে লগতে কয় যে প্ৰায় চাৰি দিন পূৰ্বে চিবিআইৰ দল তেওঁৰ ঘৰত উপস্থিত হৈছিল। তেতিয়াহে তেওঁ গম পায় যে তেওঁ বিক্ৰী কৰা গাড়ীখন পশ্চিম বংগৰ এই চৰ্চিত হত্যাকাণ্ডত ব্যৱহাৰ কৰা হৈছে। তেওঁ জানিবলৈ দিয়ে যে গাড়ীখনৰ কাগজ-পত্ৰ এতিয়াও ট্ৰান্সফাৰ হোৱা নাছিল আৰু বাহনখন এতিয়াও হুছেইনাবাদৰ পুৰণি মালিকৰ নামতেই পঞ্জীয়ন হৈ আছে।

এই হত্যাকাণ্ডৰ ঘটনাত বলিয়াৰ পৰা এতিয়ালৈকে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বুধবাৰে চিবিআইৰ দলে বলিয়াৰ ফেফনা থানা এলেকাৰ থমহ্নপুৰা গাঁৱৰ বাসিন্দা নবীন সিঙক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে এই গোচৰত ৰাজ সিং আৰু ৰাজকুমাৰ সিং নামৰ আন দুজনক গ্ৰেপ্তাৰ কৰা হৈছিল।

চিবিআইৰ সূত্ৰই জনোৱা মতে ৰাজকুমাৰ সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত নবীন সিঙক আটক কৰা হয়। তদন্তকাৰী সংস্থাই অভিযুক্তক কলকাতা লৈ যাবলৈ আদালতৰ ওচৰত ট্ৰানজিট ৰিমাণ্ডৰ আৱেদন জনাইছিল যদিও আদালতে এই আবেদন খাৰিজ কৰে। ইয়াৰ পিছত নবীন সিঙক ন্যায়িক জিম্মাত মউ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

August 31, 2026 9:18 am
জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd