Policemen attack Judge হাতত পিষ্টল লৈ আদালত কক্ষত দণ্ডাধীশৰ ওপৰত আক্ৰমণ আৰক্ষী বিষয়াৰ; তীব্ৰ চাঞ্চল্য মধুবনীত

WhatsApp Image 2021-11-19 at 9.18.40 AM

Policemen attack Judge গোচৰত অভিযুক্ত হোৱাৰ শংকাত আদালত কক্ষতে দণ্ডাধীশক আক্ৰমণ কৰিলে অভিযুক্তই। হাতত উলিয়াই ল’লে পিষ্টল। বিপক্ষে ৰায় দিলেই হত্যা কৰাৰ ভাবুকি দিলে। কিন্তু অভিযুক্ত কোনো দাগী অপৰাধী বা উগ্ৰপন্থী নহয়, জনসাধাৰণৰ সুৰক্ষাৰ দায়িত্ববাহী দুগৰাকী আৰক্ষী বিষয়াহে।

বিহাৰৰ মধুবনী জিলাত সংঘটিত হৈছে সকলোকে আচৰিত কৰি তোলা এই ঘটনা।

বৃহস্পতিবাৰে মধুবনীৰ এখন অতিৰিক্ত জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত শুনানি চলি থকাৰ সময়তে দণ্ডাধীশৰ ওপৰত আক্ৰমণ চলায় দুগৰাকী আৰক্ষী বিষয়াই।   

মধুবনীৰ ঝঞ্জাৰপুৰ অতিৰিক্ত জিলা ন্যায়িক দণ্ডাধীশৰ আদালত কক্ষৰ অবিনাশ কুমাৰ নামৰ দণ্ডাধীশগৰাকীৰ কক্ষত আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে এক গোচৰৰ শুনানি চলি আছিল।

তাৰ মাজতে ষ্টেশ্যন হাউছ অ’ফিচাৰ গোপালকৃষ্ণ আৰু উপ পৰিদৰ্শক অভিমন্যু কুমাৰে হঠাতে আদালত কক্ষত প্ৰৱেশ কৰি দণ্ডাধীশগৰাকীৰ ওপৰত আক্ৰমণ চলায়। দণ্ডাধীশগৰাকীলৈ পিষ্টল টোৱাই আক্ৰমণ কৰে।

Also Read: Rachin Ravindra নিউজিলেণ্ড দলত ‘শচীন-দ্ৰাবিড়’! চাই লওক এই ক্ৰিকেটাৰৰ কৃতিত্ব

আদালতৰ কৰ্মীসকলৰ লগতে অধিবক্তাসকলে দণ্ডাধীশগৰাকীক বচাবলৈ চেষ্টা কৰোতে তেওঁলোকৰ ওপৰতো ক্ষুব্ধ হৈ পৰে অভিযুক্ত আৰক্ষী বিষয়া দুগৰাকী। এই ঘটনাত কেইবাজনো অধিবক্তা আৰু আদালতৰ কৰ্মীও আহত হয়।

জানিব পৰা মতে দণ্ডাধীশগৰাকী সুৰক্ষিত আছে। ঘটনাৰ এনে আকস্মিকতাত দণ্ডাধীশগৰাকী অসহায় হৈ পৰে।

ইতিমধ্যে অভিযুক্ত আৰক্ষী বিষয়া দুগৰাকীক বিহাৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা চলাইছে।

ইপিনে, আদালত কক্ষতে এনে ঘটনা সন্দৰ্ভত ক্ষুব্ধ হৈ পৰিছে পাটনা উচ্চ ন্যায়ালয়। উচ্চ ন্যায়ালয়খনে এই ঘটনাৰ নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে।

Also Read: Lunar Eclipse 2021: আজি বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ; বিৰল এই আংশিক চন্দ্ৰগ্ৰহণ কেতিয়া, ক’ত দেখা যাব?

পাটনা উচ্চ ন্যায়ালয়ে গোটেই ঘটনাটোক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে আৰু দুগৰাকী ন্যায়াধীশৰ এক খণ্ড বিচাৰপীঠে ন্যায়াধীশৰ নিৰাপত্তাক লৈ আপোচ নহ’ব বুলি স্পষ্ট কৰি দিছে।

অহা ২৯ নৱেম্বৰত এই গোচৰৰ শুনানি হোৱাৰ কথা। সেইদিনা বিহাৰ আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধানকো আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।