NORTHEAST NOW (Assamese)

নিৰ্বাচনী প্ৰচাৰত প্ৰযুক্তিৰ অপব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ নিৰ্বাচন আয়োগঃ কৃত্ৰিম বুদ্ধিমত্তাক লৈ নিৰ্দেশনা জাৰি

January 16, 2025 5:31 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে ‘প্ৰযুক্তিৰ ঋণাত্মক প্ৰয়োগৰৰ মোকাবিলাক লৈ সক্ৰিয় হৈ পৰিছে নিৰ্বাচন আয়োগ। বৃহস্পতিবাৰে আয়োগে গাইডলাইন জাৰি কৰে যাতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দলসমূহে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) অপব্যৱহাৰ কৰি বিৰোধীক লক্ষ্য কৰি নলয়।

গাইডলাইনত আয়োগে ৰাজনৈতিক দলসমূহক নিৰ্বাচনী প্ৰচাৰত এআইক “দায়বদ্ধভাৱে আৰু “স্বচ্ছভাৱে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। এই গাইডলাইনত এআই প্ৰযুক্তিৰ সহায়ত সৃষ্টি কৰা ভিডিঅ বিজ্ঞাপনৰ ওপৰতো কঠোৰ নিয়ন্ত্ৰণৰ আহ্বান জনোৱা হৈছে। এনেধৰণৰ ভিডিঅসমূহ আৰম্ভণিতে ‘কণ্ঠৰ যোগেদি আৰু লিখিতভাৱে ঘোষণা কৰিব লাগিব, আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এইবোৰ সৃষ্টি কৰা বুলি খবৰ ওলাইছে।

শেহতীয়াকৈ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে নিৰ্বাচনী প্ৰচাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে। লগতে জনমতক প্ৰভাৱিত কৰিবলৈ ভুৱা তথ্যৰ ভিত্তিত ছদ্মসত্যৰ উৎপাদনক ‘অপৰাধ বুলি চিনাক্ত কৰে। তেওঁ বিভিন্ন ৰাজনৈতিক দলৰ ‘আইটি চেললৈ এই সন্দৰ্ভত সতৰ্ক হবলৈ বাৰ্তা প্ৰেৰণ কৰে। যোৱা বছৰ লোকসভা নিৰ্বাচনৰ সময়ত আয়োগে ৰাজনৈতিক দলসমূহক ছচিয়েল মিডিয়া প্লেটফৰ্মৰ দায়িত্বশীল আৰু নৈতিক ব্যৱহাৰৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।

Related News