NORTHEAST NOW (Assamese)

‘দুৰ্বল প্ৰদৰ্শন’ৰ বাবে কৰিমগঞ্জ লোকসভা সমষ্টিৰ নিৰ্বাচনী বিষয়াক বদলি

April 13, 2019 10:54 am · এন ই নাও নিউজ

কৰিমগঞ্জ লোকসভা সমষ্টিৰ ৰিটাৰ্ণং বিষয়া ফনী ভূষণ ৰয়ক নিৰ্বাচন আয়োগে বদলি কৰিছে। কৰিমগঞ্জৰ উপায়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰি থকা নিৰ্বাচনী বিষয়া ৰয়ক কেন্দ্ৰীয় পৰ্যবেক্ষকে তেওঁৰ বিৰুদ্ধে অভিযোগ কৰাৰ পাছতে বদলি কৰা হয়।

নিৰ্বাচন আয়োগক কেন্দ্ৰীয় পৰ্যবেক্ষকে অভিযোগ কৰে যে ৰয়ৰ ‘তেওঁৰ সমষ্টিটোৰ বিষয়ে সম্যক ধাৰণা নাই’ আৰু লগতে তেওঁৰ প্ৰদৰ্শন দুৰ্বল।

অসমৰ প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনাখনেই তেওঁৰ পদবীৰ পৰা ৰয়ক বদলি কৰা হয়।

নিৰ্বাচন আয়োগে কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাবে সাধাৰণ পৰ্যবেক্ষক হিচাপে অভিনৱ চন্দ্ৰাক পঠিওৱাৰ লগতে আৰক্ষী পৰ্যবেক্ষক হিচাপে সঞ্জীৱ কুমাৰ কালৰাক প্ৰেৰণ কৰিছে।

মুখ্য নিৰ্বাচনী বিষয়াৰ সূত্ৰ অনুসৰি ৰয়ৰ স্থানত ৰাজ্যিক কৃষি বিভাগৰ সঞ্চালক এম এছ মনিৱন্ননক স্থলাভিষিক্ত কৰা হৈছে।

অসমৰ দ্বিতীয় পৰ্যায়ত অহা ১৮ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনত কৰিমগঞ্জত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Related News