• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিজোৰাম আৰু ছত্তীশগড়ত বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ; ছত্তীশগড়ত বিস্ফোৰণত আহত জোৱান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2023 8:42 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছত্তীশগড় আৰু মিজোৰামত বিধানসভা নিৰ্বাচনৰ বাবে আজি ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। মঙলবাৰে পুৱাৰে পৰা ছত্তীশগড়ত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যৰ ৯০টা বিধান সভা সমষ্টিৰ ভিতৰত মাওবাদী আক্রান্ত ২০টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হৈ আছে৷ প্ৰায় ৪০ লাখ ৭৯ হাজাৰ ভোটাৰে এই পৰ্যায়ত ২২৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

আনহাতে, মিজোৰামৰ ৪০টা সমষ্টিতো পুৱা ৭ বজাৰ পৰা ভোটদান আৰম্ভ হয়। ৰাজ্যখনৰ প্ৰায় ৮ লাখ ৫২ হাজাৰ ভোটাৰে ১৭৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।  অহা ৩ ডিচেম্বৰত হ’ব ভোটগণনা।

ছত্তীশগড়ত আজি ভোটগ্ৰহণৰ সময়তে বিস্ফোৰণ সংঘটিত হয়। আহত হয় এজন কেন্দ্ৰীয় বাহিনীৰ জোৱান। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে নক্সাল অধ্যুষিত সুকমা অঞ্চলত এই বিস্ফোৰণ সংঘটিত হয়। ইয়াৰ আঁৰত নক্সালবাদী থকা বুলি ধাৰণা কৰা হৈছে।

লগতে পঢ়কঃ টাইম আউট! ‘অপমানিত’ মেথিউছ; ছাকিবে ক’লে, “মই যেন যুদ্ধক্ষেত্ৰত আছিলো”

ইপিনে, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই পুৱাই ভোটদান কৰিবলৈ গৈছিল যদিও আইজলৰ বুথৰ পৰা ওলাই আহি তেওঁ ভোট দিব নোৱাৰিলে বুলি জনায়। যান্ত্ৰিক সমস্যাৰ বাবে ভোটদান সম্ভৱ নহ’ল। তেওঁ বুথৰ পৰা ওলাই য়ায়। ৰাতিপুৱাৰ কাম শেষ কৰি আহি তেওঁ ভোট দিব বুলিও কয়।

ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ জোৰামথাংগাই কয় যে তেওঁ নিজৰ দল এম এন এফ সংখ্যাগৰিষ্ঠতাৰ সৈতে জয়ী হোৱাটো নিশ্চিত। লগতে বিজেপিৰ সৈতে তেওঁৰ দলৰ কোনো সম্পৰ্ক নাই বুলিও তেওঁ কয়।

চুবুৰীয়া ৰাজ্য মণিপুৰত হিংসাত্মক পৰিস্থিতি এতিয়াও সতেজ হৈ আছে। ইপিনে, তাৰমাজতে মিজোৰামত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচন। নিৰ্বাচন উপলক্ষে কটকটীয়া নিৰাপত্তাৰ মাজত আবদ্ধ হৈ পৰিছে মিজোৰাম। মঙলবাৰে ৰাজ্যৰ সীমান্ত ছীল কৰা হয়। ৰাজ্যখনৰ ৪০টা কেন্দ্ৰত মুঠ ১২৭৬টা বুথত ভোটদান চলি আছে।

লগতে পঢ়কঃ অপ্ৰাদেশীকৃত শিক্ষকসকলক ভাতে মৰাৰ ষড়যন্ত্ৰ ৰচিছে হিমন্তৰ চৰকাৰে : সংবাদমেলত অভিযোগ ৰকিবুল হুছেইনৰ

উল্লেখ্য যে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছক পৰাস্ত কৰি মিজোৰামত ক্ষমতালৈ আহিছিল এম এন এফ। মিজোৰামৰ ৪০ খন আসনৰ ভিতৰত ২৭ খন আসনত জয়লাভ কৰে এম এন এফে। জেডপিএমৰ ৮খন আসন। কংগ্ৰেছে মাত্ৰ চাৰিখন আসন লাভ কৰি তৃতীয় স্থানলৈ অৱনমিত হয়। ৪০ আসনৰ মিজোৰাম বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে মেজিক সংখ্যা ২১। নিৰ্বাচনী যুঁজত মূল তিনিটা দল শাসকীয় মিজো নেচনেল ফ্ৰণ্ট (এম এন এফ), মূল বিৰোধী জোৰাম পিপলছ মুভমেণ্ট (জেড পি এম) আৰু পূৰ্বৰ শাসকীয় দল কংগ্ৰেছে আটাইকেইখন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

আনহাতে, ছত্তীশগড়ত নিষিদ্ধ সংগঠন চিপিআই (মাওবাদী)-য়ে প্ৰতিবাৰৰ দৰে ‘নিয়ম মাফিক’ নিৰ্বাচন বৰ্জনৰ আহ্বান জনাইছে। নিৰ্বাচন আৰম্ভ হোৱাৰ ৭২ ঘন্টা পূৰ্বে ইতিমধ্যে ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ প্ৰভাৱশালী বিজেপি নেতা ৰতন ডুবেক হত্যা কৰি তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিছে। এইবাৰ ৰাজ্যৰ আৰক্ষীৰ লগতে কেন্দ্ৰীয় বাহিনীৰ ৭০০ৰো অধিক কোম্পানী মোতায়েন কৰা হৈছে।

২০১৮ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত জয়ী হৈ ছত্তীশগড়ৰ ক্ষমতা দখল কৰি বিজেপিৰ ডেৰ দশকৰ শাসনৰ অন্ত পেলাইছিল। ৰাজ্যৰ ৯০খন আসনৰ ভিতৰত কংগ্ৰেছে ৬৮খন, বিজেপিয়ে ১৫খন, বিএছপিয়ে দুখন আৰু আনসকলে ৫খন আসন লাভ কৰে।

লগতে পঢ়কঃ বিজেপিৰ ছিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ অসমত লাগে ‘সিংঘম’ৰ দৰে আৰক্ষী বিষয়া : ডাঃ ভবেন চৌধুৰী

মঙলবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ২০টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ১৭টা, বিজেপিয়ে দুটা আৰু অন্যান্যই এটা সমষ্টিত জয়লাভ কৰিছিল। ২০টা সমষ্টিৰ ভিতৰত ১০টা ‘অতি স্পৰ্শকাতৰ’ ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ সীমিত কৰা হৈছে। আন ১০টা সমষ্টিত পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd